মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যৰ ২৪খনকৈ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীৰ ভৱিষ্যৎ কোন দিশে? মাহৰ পিছত মাহ ধৰি নাই দৰমহা

ৰাজ্যৰ ২৪খনকৈ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীৰ ভৱিষ্যৎ কোন দিশে? মাহৰ পিছত মাহ ধৰি নাই দৰমহা

News18 Assam | News18-Assam
Updated:September 7, 2021, 11:12 PM IST
ৰাজ্যৰ ২৪খনকৈ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীৰ ভৱিষ্যৎ কোন দিশে? মাহৰ পিছত মাহ ধৰি নাই দৰমহা
১৯৯৫ চনৰ পৰা প্ৰতিখন চৰকাৰে কেৱল আশ্বাসেই দি আহিছে বুলিও দুখ প্ৰকাশ কৰে কৰ্মচাৰীসকলে।

১৯৯৫ চনৰ পৰা প্ৰতিখন চৰকাৰে কেৱল আশ্বাসেই দি আহিছে বুলিও দুখ প্ৰকাশ কৰে কৰ্মচাৰীসকলে।

  • News18 Assam
  • Last Updated: September 7, 2021, 11:12 PM IST
  • Share this:

মাহৰ পিছত মাহ ধৰি দৰমহা পোৱা নাই জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে । অকল জাগীৰোড উন্নয়ন প্ৰাধিকৰণেই নহয়, জাগীৰোডৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আন ২৩খন উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়েও বছৰ বছৰ ধৰি লাভ কৰা নাই দৰমহা, যাৰ বাবে পৰিয়ালৰ ভৰণ পোষণ, ল'ৰা–ছোৱালীৰ পঢ়া–শুনাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল।


অসম চৰকাৰৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ অধীনত গঠন কৰা হৈছিল ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণ। কিন্তু ৰাজ্য চৰকাৰে এই উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰীসকলৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত দীৰ্ঘদিন ধৰি দৰমহা লাভ কৰা নাই ৰাজ্যৰ প্ৰায় ৩০০ কৰ্মচাৰীয়ে।


জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে ৪১ মাহ, লখিমপুৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে ৬০ মাহ পৰ্যন্ত লাভ কৰা নাই দৰমহা। একেদৰে ৰাজ্যৰ আন আন উন্নয়ন প্ৰাধিকৰণসমূহৰ কৰ্মচাৰীসকলেও কেইবা বছৰ ধৰি লাভ কৰা নাই দৰমহা।



এইক্ষেত্ৰত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ ঐক্য মঞ্চই বিভিন্ন সময়ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণকে আদি কৰি আন দাবীসমূহ পূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ বেতন বঞ্চিত কৰ্মচাৰীসকলে । বৰঞ্চ ১৯৯৫ চনৰ পৰা প্ৰতিখন চৰকাৰে কেৱল আশ্বাসেই দি আহিছে বুলিও দুখ প্ৰকাশ কৰে ।


সেয়ে ৰাজ্যৰ ২৪খন উন্নয়ন প্ৰাধিকৰণৰ প্ৰায় ৩০০ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ লগতে অনাদায় দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে কৰ্মচাৰীসকলে ৷


উল্লেখ্য যে বিগত ৫৬ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে জাগীৰোডৰ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীও ৷ অৱশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কৰ্মচাৰীসকললৈ ৬৫০ কোটি টকা মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷

Published by: Gautam Barman
First published: September 7, 2021, 11:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি