বিগত সময়ছোৱাত বান নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ জলসম্পদ বিভাগটোক গতিশীল কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে বাৰম্বাৰ চেষ্টা চলাইছে যদিও একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম অকৰ্মণ্যতাৰ বাবেই সেয়া যেন সম্ভৱ হৈ উঠা নাই। জলসম্পদ বিভাগৰ দায়িত্বৰত যুৱমন্ত্ৰী পীয়ূষ হাজৰিকাক দিয়াৰ পিছতেই বিভাগটো গতিশীল হ'ব বুলি সকলোৱে আশা কৰিছিল যদিও শেহতীয়াভাৱে বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কৰ্মকাণ্ডই সেই আশাত চেঁচাপানী ঢালিছে।
প্ৰতিবছৰেই বানৰ সময়ত মথাউৰি নিৰ্মাণৰ বাবে সাৰ পোৱা বিভাগটোৰ বিয়াগোম বিষয়াই খৰালি অৱসৰ বিনোদনতেই সময় পাৰ কৰা দেখা যায়। সেয়ে ভোগালী বিহুৰ দীঘলীয়া ছুটীৰ পিছতো আজি কাৰ্যালয়ত ১১ বজালৈকে অতি সেৰেঙা উপস্থিতি পৰলক্ষিত হ'ল। নগাঁও জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পিংকু মজুমদাৰকে ধৰি অধিকাংশ কৰ্মচাৰীয়ে ভোগালী বিহুৰ পিছত কাৰ্যালয়লৈ আহিবলৈ আহৰি নাপালে।
এই সমগ্ৰ ঘটনাৰ বাতৰি বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে হাহাকাৰ লাগে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ মাজত। ইয়াৰ পিছতে সকলো হুৱাদুৱাকৈ আহি উপস্থিত হয় বিভাগটোৰ কাৰ্যালয়ত (Nagaon Water Resources Department)। উল্লেখযোগ্য যে, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰূপে বিগত বছৰটোত যোগদান কৰাৰ পিছৰে পৰা পিংকু মজুমদাৰ প্ৰায়ে কাৰ্যালয়লৈ পলমকৈ অহাৰ অভিযোগো উত্থাপিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।