মুখ্যপৃষ্ঠা »খবৰ »অসম »ঢেঁকীয়া বিক্ৰি কৰি জীৱন নিৰ্বাহ নগাঁও কাগজ কলৰ বাসিন্দাৰ। অন্তিম আশাকণো হ'ল নিৰ্বাপিত।

ঢেঁকীয়া বিক্ৰি কৰি জীৱন নিৰ্বাহ নগাঁও কাগজ কলৰ বাসিন্দাৰ। অন্তিম আশাকণো হ'ল নিৰ্বাপিত।

"কষ্ট বহুত হৈছে ৷ ঘৰখন চলিবই লাগিব ৷ ঢেঁকীয়া এমুঠিত দহ টকা লওঁ ৷ কাকো দোষ দিবও নিবিচাৰোঁ ৷ এয়া কঠিন সময় ৷ সকলো প্ৰত্যাহ্বান লৈ কষ্ট কৰি গৈছোঁ : মালতী দৈমাৰী

"কষ্ট বহুত হৈছে ৷ ঘৰখন চলিবই লাগিব ৷ ঢেঁকীয়া এমুঠিত দহ টকা লওঁ ৷ কাকো দোষ দিবও নিবিচাৰোঁ ৷ এয়া কঠিন সময় ৷ সকলো প্ৰত্যাহ্বান লৈ কষ্ট কৰি গৈছোঁ : মালতী দৈমাৰী

"কষ্ট বহুত হৈছে ৷ ঘৰখন চলিবই লাগিব ৷ ঢেঁকীয়া এমুঠিত দহ টকা লওঁ ৷ কাকো দোষ দিবও নিবিচাৰোঁ ৷ এয়া কঠিন সময় ৷ সকলো প্ৰত্যাহ্বান লৈ কষ্ট কৰি গৈছোঁ : মালতী দৈমাৰী

  • Share this:
১৯৮৫চনত সম্ভাৱনাৰ সপোনৰেই আৰম্ভ হৈছিল জাগীৰোডস্থিত নগাঁও কাগজ কল ৷ কাগজ কলৰ দ্বাৰাই চলিছিল সহস্ৰাধিক পৰিয়ালৰ ঘৰ ৷ হঠাৎ ২০১৭ত বন্ধ হৈ গ'ল নগাঁও আৰু কাছাৰ কাগজ কল ৷ কিছু আশালৈ কল দুটা খুলিব বুলি ৰৈ আছিল কৰ্মচাৰী তথা পৰিয়াল ৷ পিছে সকলোকে আশাহত কৰি কল দুটা নিলামৰ জাননী দিলে মূল লিকুইডেটৰ কুলদিপ বাৰ্মাই ৷ উকা কাগজৰ উচুপনি লৈ নিলাম হ'ব দুয়োটা কাগজ কল ৷ যাক লৈ দিকভ্ৰান্ত কাগজ কলৰ কৰ্মচাৰী,পৰিয়াল ৷

প্ৰথমে এগৰাকী মহিলাৰ কাহিনীকে শুনক ৷ বাস্তৱ কিমান কঠিন হৈ পৰিলে মানুহ বাধ্য হয় জীৱন সংগ্ৰামৰ আন বাট মোকলাবলৈ সেয়া প্ৰত্যক্ষ কৰিলেহে অনুভৱ কৰিব পাৰি ৷ আমি লগ পাইছিলোঁ ঢেঁকীয়া বুটলি থকা এগৰাকী মহিলাক ৷ মহিলা গৰাকীৰ নাম মালতী দৈমাৰী ৷

মালতী দৈমাৰীৰ স্বামী নৰেণ দৈমাৰী কৰ্মৰত আছিল নগাঁও কাগজ কলতে ৷ উকা কাগজতে সপোন ৰচিছিল তিনি সন্তানৰে মালতীৰ পৰিয়ালে ৷ পিছে সকলো থান-বান হ'ল ২০১৭ত কাগজ কল বন্ধ হোৱাত ৷

অভিযন্তা হ'ব নোৱাৰিলে মালতীৰ বৰ পুত্ৰ ৷ মাজু পুত্ৰই লকডাউনৰ বাবে এৰিবলগীয়া হ'ল হোটেলৰ চাকৰি ৷ সৰু ছোৱালীজনীও হৈছে এতিয়া পঢ়াত বাধাগ্ৰস্ত ৷

মালতী দৈমাৰীয়ে দৈনিক এতিয়া ঢেকীয়া বোটলে ৷ মুঠা মুঠাকৈ বন্ধা ঢেঁকীয়া বিক্ৰী কৰি ঘৰ চলায় এসময়ত স্বচ্ছল জীৱন যাপন কৰা মালতীয়ে ৷ প্ৰতিমুঠি ঢেকীয়াত লাভ কৰা দহটকাৰে দিনটোত প্ৰায় দেৰশৰ পৰা দুশ টকা লাভ কৰে মালতীয়ে ৷ তেনেকৈয়ে চলিছে ঘৰ ৷

মালতী দৈমাৰী তথাপি হোৱা নাই বিচলিত ৷ বিশ্বাস ৰাখিছে এতিয়াও নেদেখাজনৰ ওপৰত ৷ হুমুনিয়াহ কাঢ়িয়েই চাৰিবছৰ ধৰি সংগ্ৰাম কৰি থকা কাগজ কলৰ কৰ্মচাৰীৰ পত্নী মালতী দৈমাৰীয়ে আমাক ক'লে,"কষ্ট বহুত হৈছে ৷ ঘৰখন চলিবই লাগিব ৷ ঢেঁকীয়া এমুঠিত দহ টকা লওঁ ৷ দুই এক লোকে সেয়াও দিব নিবিচাৰে ৷ কাকো দোষ দিবও নিবিচাৰোঁ ৷ এয়া কঠিন সময় ৷ সকলো প্ৰত্যাহ্বান লৈ কষ্ট কৰি গৈছোঁ ৷ চাউল ফ্ৰীতে পাইছোঁ ৷ কিন্তু দাইলকে ধৰি আন সামগ্ৰীবোৰো লাগে ৷ ঢেকীয়া বিক্ৰী কৰি ডেৰশ টকা পালে তাৰে পঞ্চাশ টকা সাচোঁ ৷ বন্ধনৰ ঋণখিনি দিয়াৰ বাবেও সদায় হেঁচা থাকে ৷ ঈশ্বৰক ধিয়াই চলি আছোঁ ৷ চলি থাকিম ৷ আশাহত হোৱা নাই মই ৷"

মালতী দৈমাৰীৰ দৰে বহু পৰিয়াল এতিয়া দিকভ্ৰান্ত ৷ চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰাক লৈ ক্ষোভিত সকলো ৷ তথাপি তাৰ মাজতে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কিবা এটা কৰিব বুলি আশাবাদী বহু কৰ্মচাৰী ৷ এতিয়া এয়াই পৰিৱেশ কাগজ কলৰ ৷ যি উকা কাগজত সপোন ৰচিছিল সেই উকা কাগজতে এতিয়া মালতী দৈমাৰীহঁতৰ দৰে লোকৰ উচুপনি ৷

শেহতীয়া বাতৰি