
বুধবাৰে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে চাৰিগৰাকী আলফা সদস্য।
বুধবাৰে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে চাৰিগৰাকী আলফা সদস্য।
বুধবাৰে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে চাৰিগৰাকী আলফা সদস্য। আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰে আলফাৰ চাৰি সদস্য ক্ৰমে, কনক পেগু,চয়নিকা কামাং,কবিতা কামাং,দেৱজ্যোতি দুৱৰাক। ইয়াৰে কনক পেগু ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত। সেইদৰে চয়নিকা কামাং হৈছে বোকাখাত আৰোহন একাডমিৰ শিক্ষয়ত্ৰী। চয়নিকাৰ ভগ্নী কবিতা কামাং ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানৰ বেংকিঙৰ ছাত্ৰী। ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত নিশা অভিযান চলাই বিভিন্ন স্থানৰ পৰা এই চাৰিজন আলফা সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে আলফাৰ
এখন পতাকা,7টা মোবাইল হেনছেট,মাওবাদী সম্পকীয় এখন কিতাপ!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|