মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুনীতিৰ বিৰুদ্ধে যিমানেই শূন্য সহনশীলতাৰ কথা কৈছে, সিমানেই একাংশ চৰকাৰী বিষয়াৰ বাঢ়িছে লোভ। যেন ধন নহ'লে কামেই নকৰে কাৰ্যালয়ত ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুনীতিৰ বিৰুদ্ধে যিমানেই শূন্য সহনশীলতাৰ কথা কৈছে, সিমানেই একাংশ চৰকাৰী বিষয়াৰ বাঢ়িছে লোভ। যেন ধন নহ'লে কামেই নকৰে কাৰ্যালয়ত ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুনীতিৰ বিৰুদ্ধে যিমানেই শূন্য সহনশীলতাৰ কথা কৈছে, সিমানেই একাংশ চৰকাৰী বিষয়াৰ বাঢ়িছে লোভ। যেন ধন নহ'লে কামেই নকৰে কাৰ্যালয়ত ৷ কিছুদিন পূৰ্বে এজন ব্যক্তিয়ে শ্ৰম অনুজ্ঞাপত্ৰৰ বাবে আহি লগ পাইছিল শোণিত দাস নামৰ এগৰাকী কৰ্মচাৰীক।
অভিযোগ মতে শোণিত দাসে শ্ৰম অনুজ্ঞাপত্ৰৰ বাবদ ব্যক্তিজনৰ পৰা বিচাৰিছিল ৭ হাজাৰ টকা ৷ এখন শ্ৰম অনুজ্ঞাপত্ৰৰ উলিয়াব বাবে চৰকাৰী খৰচ হয় ৩,২০০টকা ৷ কিন্তু একোখনকৈ শ্ৰম অনুজ্ঞাপত্ৰৰ বাবদ শোণিত দাসে ৭ হাজাৰ টকা বিচাৰিছিল বুলি দাবী কৰিছে ভুক্তভোগীয়ে।
শোণিত দাসে বিচৰা ধন কাৰ্যালয়ত দিবলৈ আহি ব্যক্তিগৰাকীয়ে নিজৰ গোপন মোবাইলত বন্দী কৰি লৈছিল ধন লোৱাৰ সমগ্ৰ দৃশ্যাংশ ৷ অভিযোগ মতে, শোণিত দাসে বিচৰা ধন নাপালে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় আবেদনকাৰী ৷
প্ৰশ্ন উঠিছে কাৰ্যালয়ৰ ভিতৰতে এগৰাকী উচ্চ বৰ্গৰ সহায়কে কি সাহসত অনুজ্ঞাপত্ৰৰ নামত খুলিছে মুকলি বজাৰ ? বাতৰি সম্প্ৰচাৰৰ পিছত শোণিত দাসৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|