খুচবু হৰলালকাৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীৱ মিশ্ৰ নামৰ গাণনিকগৰাকীক গ্ৰেপ্তাৰ কৰে।
খুচবু হৰলালকাৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীৱ মিশ্ৰ নামৰ গাণনিকগৰাকীক গ্ৰেপ্তাৰ কৰে।
বুধবাৰে আৰক্ষীৰ পৰা উৎকোচ লৈ নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ খুচবু হৰলালকা নামৰ এগৰাকী নিম্নবৰ্গৰ সহায়ক গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি পুনৰ সঞ্জীৱ মিশ্ৰ নামৰ নগাঁও কোষাগাৰ প্ৰাধিকৰণৰ গাণনিকগৰাকীকো গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীয়ে খুচবু হৰলালকাৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীৱ মিশ্ৰ নামৰ গাণনিকগৰাকীক গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে দুয়োকে লৈ নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ ৰাওনা হৈছে। ইপিনে, নগাঁও কোষাগাৰত চলি থকা দুৰ্নীতি সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে জিলা কোষাগাৰ বিষয়া দেৱাশীষ সেনগুপ্তই। বিষয়াগৰাকীৰ মতে, নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ কাৰ্যালয় দুৰ্নীতিমুক্ত আৰু সম্পূৰ্ণ নিকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|