• Home
  • »
  • News
  • »
  • assam
  • »
  • তলা বন্ধ! গুৱাহাটীৰ শাখা কাৰ্যালয় এৰিলে কুইপ'ৰ বিষয়া-কৰ্মচাৰীয়ে

তলা বন্ধ! গুৱাহাটীৰ শাখা কাৰ্যালয় এৰিলে কুইপ'ৰ বিষয়া-কৰ্মচাৰীয়ে

আজি কুইপ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা ঊর্ধ্বতন কর্তৃপক্ষ আহিব গুৱাহাটীলৈ

আজি কুইপ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা ঊর্ধ্বতন কর্তৃপক্ষ আহিব গুৱাহাটীলৈ

আজি কুইপ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা ঊর্ধ্বতন কর্তৃপক্ষ আহিব গুৱাহাটীলৈ

  • Share this:
গুৱাহাটীৰ শাখা কাৰ্যালয় বন্ধ কৰি অন্তর্ধান  কুইপ'ৰ বিষয়া-কৰ্মচাৰী ৷ উলুবাৰীৰ ডঃ বাণীকান্ত কাকতি পথত থকা প্ৰাক্তন বিধায়ক কেপ্তেইন ৰবীন বৰদলৈৰ বাসভৱনত ভাড়াত আছিল কুইপ'ৰ শাখা কাৰ্যালয় ৷ পিছে চাৰিদিনৰ পৰা বন্ধ হৈ আছে কুইপ'ৰ শাখা কাৰ্যালয়টো।

আজি কুইপ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা ঊর্ধ্বতন কর্তৃপক্ষ আহিব গুৱাহাটীলৈ ৷ মধ্যস্থতাকাৰী কৌশিক ফুকনৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হ'ব কুইপ'ৰ কৰ্তৃপক্ষ ৷

উল্লেখ্য যে, যোৱা ২১ ডিচেম্বৰৰ পৰা আলফা স্বাধীনৰ কব্জাত বন্দী হৈ আছে কুুুুইপ'ৰ দুই বিষয়া ৰাম কুুুমাৰ আৰু প্ৰৱণ কুুমাৰ গগৈ ৷ কিন্তু দুয়োগৰাকী বিষয়াৰ মুক্তিৰ বাবে কুইপই কোনো বিশেষ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উঠিছে। আৰু তেনে সময়তে গুৱাহাটীৰ শাখা কাৰ্যালয় বন্ধ কৰি কুইপ'ৰ বিষয়া-কৰ্মচাৰী অন্তৰ্ধান হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published: