মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: ভগ্ন জুপুৰীত অকলশৰে দিন কটাইছে টিহুৰ ৰতনপুৰৰ হৰেকৃষ্ণ শৰ্মাই

Nalbari News: ভগ্ন জুপুৰীত অকলশৰে দিন কটাইছে টিহুৰ ৰতনপুৰৰ হৰেকৃষ্ণ শৰ্মাই

X
Emotional //

Emotional Story Of Harekrishna Sarma

এই ভগা জুপুৰীতে দুৰ্বিসহ জীৱন কটাইছে হৰেকৃষ্ণ শৰ্মাই । চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ চাউল লাভ কৰিছিল যদিও আধাৰ কাৰ্ড সংযোগ কৰিব নোৱাৰিলে বাবে সেয়াও বন্ধ হৈ পৰিল । 

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী: এগৰাকী বৃদ্ধ । নাম হৰেকৃষ্ণ শৰ্মা । বৃদ্ধগৰাকীৰ কৰুণ কাহিনীয়ে চকু সেমেকাব আপোনাৰো । এই যে ভগা জুপুৰীটো দেখিছে ইয়াতেই অকলে বাস কৰে হৰেকৃষ্ণ শৰ্মাই ।

কিছুবছৰ আগতে এক দুৰ্ঘটনাত পতিত হৈ অসুস্থ হ'ল হৰেকৃষ্ণ শৰ্মা । দুৰ্ঘটনাত এখন ভৰি বিকল হৈ পৰিল হৰেকৃষ্ণ শৰ্মাৰ । নলবাৰী জিলাৰ টিহুৰ ৰতনপুৰৰ এইগৰাকী বৃদ্ধ হৰেকৃষ্ণ শৰ্মাই চৰকাৰী আবাসগৃহৰ লগতে কোনো চৰকাৰী সা সুবিধা আজিলৈ লাভ নকৰিলে ।

এতিয়া এই ভগা জুপুৰীতে দুৰ্বিসহ জীৱন কটাইছে । চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ চাউল লাভ কৰিছিল যদিও আধাৰ কাৰ্ড সংযোগ কৰিব নোৱাৰিলে বাবে সেয়াও বন্ধ হৈ পৰিল ।

এতিয়া ওচৰ চুবুৰীয়াই অলপ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়াই আহিছে যদিও সেয়া পৰ্যান্ত নহয় । এইক্ষেত্ৰত তেওঁৰ চিকিৎসাৰ লগতে চৰকাৰী গৃহ এটি আৱন্টন দিবলৈ গাঁওবাসীয়ে চৰকাৰক দাবী উত্থাপন কৰিছে ।

শেহতীয়া বাতৰি