• Home
  • »
  • News
  • »
  • assam
  • »
  • 'শীঘ্ৰেই এক হ'বলৈ গৈ আছো...'বৰষা ৰাণী বিষয়াৰ ভাবী স্বামী ভাস্কৰৰ প্ৰথমটো আৱেগসনা পোষ্ট

'শীঘ্ৰেই এক হ'বলৈ গৈ আছো...'বৰষা ৰাণী বিষয়াৰ ভাবী স্বামী ভাস্কৰৰ প্ৰথমটো আৱেগসনা পোষ্ট

অহা ২২ ফেব্ৰুৱাৰীত বৰষা ৰাণী বিষয়াই বিয়াত বহিব যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে।

অহা ২২ ফেব্ৰুৱাৰীত বৰষা ৰাণী বিষয়াই বিয়াত বহিব যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে।

অহা ২২ ফেব্ৰুৱাৰীত বৰষা ৰাণী বিষয়াই বিয়াত বহিব যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে।

  • Share this:
অহা ২২ ফেব্ৰুৱাৰীত বৰষা ৰাণী বিষয়াই বিয়াত বহিব যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে। মুখ খুলি নকলেও বৰষা ৰাণীৰ প্ৰথম পচন্দ পবিতৰাতে বৰষাই জীৱনটো আকৌ এবাৰ সজাব! প্ৰথম স্বামী অবিনাশ শইকীয়াৰ অকাল মৃত্যুৰ প্ৰায় ৫ বছৰ পিছত বৰষাই দ্বিতীয় বিবাহৰ সিদ্ধান্ত লৈছে।

নিজতকৈ সৰু ল'ৰাৰ সৈতে বৰষাৰ দ্বিতীয় বিয়া, এই বিষয়টো এচামে অবান্তৰ ভাবে কটাক্ষ কৰিলেও বৰষাই পাইছে ৰাইজৰ অফুৰন্ত আৰু পাৰ ভঙা আশীৰ্বাদ আৰু মৰম। স্পষ্টবাদী বৰষাইও মুকলিকৈ কৈছে ভাস্কৰৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত একান্তই মনৰ তাগিদা।



অনুৰাগী ভাস্কৰ বৰুৱাৰ সৈতে বৰষাৰ ইনষ্টাগ্ৰামত চিনাকি হোৱাৰ পৰা প্ৰেম আৰু বিয়ালৈ সকলো বিৱৰি কৈছে বৰষাই। ছচিয়েল মিডিয়াত দুয়োৰে একে লগা থকা ছবিবোৰো ভাইৰেল হৈ পৰিছে।

ইয়াৰ মাজতে এতিয়া অনুৰাগীৰ হেঁপাহ বঢ়াইছে ভাস্কৰ বৰুৱাৰ এটা post- এ। প্ৰথমবাৰলৈ হ'বলগীয়া পত্নী বৰষাৰ সৈতে উঠা এখন ফটোৰ সৈতে এটা আৱেগঘন পোষ্ট শ্বেয়াৰ কৰিছে ভাস্কৰে। লিখিছে 'আমি শীঘ্ৰেই এক হ'বলৈ গৈ আছো। সকলোৰে আশীৰ্বাদ বিচাৰিলো। মৰম বিলাই যাওক, আনন্দ বিলাই যাওক।'

উল্লেখ্য যে,ভাস্কৰ বৰুৱাৰ জীৱনটো যথেষ্ট ঘাত প্ৰতিঘাত থকাৰ কথা প্ৰকাশ হৈছে। পিতৃ-মাতৃ উভয়কে এটা ট্ৰেজেদিত হেৰুৱাই পেলোৱা ভাস্কৰৰ নিজৰ পৰিয়াল বুলিবলৈ আছে মাথো এগৰাকী ভন্টী। গতিকে অকালতে আপোনজনক হেৰুৱাৰ দুখ ভাস্কৰে ভালকৈ জানে আৰু বৰষাই সেই আৱেগিক নিৰাপত্তাৰ মাজেৰে জীৱনক দ্বিতীয়টো সুযোগ দিব বিচাৰিছে।

পোষ্ট কৰাৰ পিছতে ইতিমধ্যে ভাস্কৰৰ ৱালত হাজাৰ হাজাৰ মানুহে দিছে দুয়োকে মৰম আৰু শুভেচ্ছা।
Published by:Himangshu Bhuyan
First published: