ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ শেষকৃত্য। কোভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটভ আহিছে বৰগোহাঞিৰ। জি এন আৰ চি হাস্পতালৰ পৰা প্ৰথমে হেঙেৰাবাৰীস্থিত ৱাসভৱনলৈ নিয়া হ’ব নশ্বৰদেহ।
উল্লেখযোগ্য যে আজি পুৱা ৬.৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিয়ে। নিশা ৩বজাত বিছনাৰ পৰা ঢলি পৰিছিল বৰগোহাঞি। অসুস্থ অৱস্থাত দুই সহায়কাৰীয়ে লৈ আহিছিল হাস্পতাললৈ। চিকিৎসাধীন অৱস্থাতে ৮৯ বছৰ বয়সত সকলোকে কন্দুৱাই বিদায় মাগে অসমৰ জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 12, 2021, 10:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।