বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ। বৰেণ্য সাহিত্যিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো। আজি পুৱা ৬.৫৮ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল সাহিত্যিকগৰাকীয়ে।
নিশা ৩বজাত বিছনাৰ পৰা ঢলি পৰিছিল বৰগোহাঞি। অসুস্থ অৱস্থাত দুই সহায়কাৰীয়ে লৈ আহিছিল হাস্পতাললৈ। চিকিৎসাধীন অৱস্থাতে ৮৯ বছৰ বয়সত সকলোকে কন্দুৱাই বিদায় মাগে অসমৰ জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিয়ে। কেইদিনমান পূৰ্বে কোৰোণাৰ পৰা আৰোগ্য হৈছিল সাহিত্যিকগৰাকী।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 12, 2021, 08:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।