দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত আলিখাপাৰাত ছিঙিল ননৈ নদীৰ মথাউৰি। ননৈ নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত কেইবাখনো গাঁও প্লাৱিত হৈ পৰিছে। মথাউৰিটোৰ প্ৰায় ২৫ ফুট অংশ ছিঙি নিয়াত হোৰাহোৰে পানী সোমাই বুৰ গৈছে কেইবাখনো গাঁও। ন ন অঞ্চল বানৰ কবলত পৰাৰ আশংকা কৰা গৈছে। খেতি পথাৰ এতিয়া পানীৰ তলত। ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত আলিখাপাৰা, পথাৰিঘাট, চেঙাপাৰা, আঠকুৰীয়া, ব্যাখপাৰা, নিৰনচুৱা আদি গাঁও প্লাৱিত হ’বলৈ আৰম্ভ কৰিছে।
এনেদৰে পানী বঢ়ি থাকিলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ আশংকা কৰা গৈছে। বিগত ১২ বছৰে জলসম্পদ বিভাগৰ মথাউৰিটোৰ প্ৰায় দুই কিলোমিটাৰ অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰা নাছিল, যাৰ কাৰণে এইদৰে বাঢ়নী পানীয়ে ছিঙি নিয়াৰ অভিযোগ উঠিছে।
ইতিমধ্যে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বানাক্ৰান্তৰ অভিযোগ– জলসম্পদ বিভাগক বাৰম্বাৰ মথাউৰিটো মেৰামতি কৰাৰ দাবী জনাইছিল যদিও বিগত ১২ বছৰে মথাউৰিটো মেৰামতি নকৰাত দুৰ্ভোগ ভুগিবলগা হৈছে ৰাইজে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|