নেৰানেপেৰা বৰষুণৰ ফলত মাধৱপাৰা প্ৰমিলা সংযোগী বৰপানী নদীৰ মথাউৰি ভাঙিল

News18 Assam | News18-Assam
Updated:May 22, 2020, 12:15 PM IST
নেৰানেপেৰা বৰষুণৰ ফলত মাধৱপাৰা প্ৰমিলা সংযোগী বৰপানী নদীৰ মথাউৰি ভাঙিল
এটা বৃহৎ অঞ্চলত হাহাকাৰ।া

এটা বৃহৎ অঞ্চলত হাহাকাৰ।া

  • Share this:
এফালে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতা আনফালে আমফানৰ প্ৰভাৱত প্ৰৱল বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ধাৰাষাৰ বৰষুণ ৷ বিগত ২৪ ঘন্টাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়িছে নগাঁৱৰ বৰপানী নৈ ।বৃহস্পতিবাৰে নিশা ৰহা সমষ্টিৰ মাধৱপাৰা প্ৰমিলা সংযোগী বৰপানী নদীৰ মথাউৰি ভাঙি হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন হয় । কামপুৰ ৰাজহ চক্ৰৰ মাধৱপাৰা, প্ৰমিলা,  জুৰিপাৰ, কচুৱা আদি পঞ্চায়তৰ ব্যাপক বড়ো ধানৰ কৃষি ভূমিৰ ব্যাপকক্ষতি সাধন হয় । কোৰোণাৰ বাবে সৰ্বস্বান্ত হোৱা কৃষক সকলে বড়ো খেতিৰ পকা ধান কাটিবৰ সময়ত হোৱা বানত এতিয়া মূৰে–কপালে হাত দিবলগীয়া হৈছে। আনহাতে বৰপানী নৈৰ মথাউৰিটো ভঙাৰ লগে লগে শ‌ংকিত হৈ পৰিছে নৈ পৰীয়া অঞ্চলবাসীও।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading