உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Elephant Death : নুমলীগড়ৰ খুমটাইত শোকাৱহ ঘটনা। বিলৰ মাজত আৱদ্ধ হৈ থকা বন্য হস্তীৰ কৰুণ মৃত্যু।

    Elephant Death : নুমলীগড়ৰ খুমটাইত শোকাৱহ ঘটনা। বিলৰ মাজত আৱদ্ধ হৈ থকা বন্য হস্তীৰ কৰুণ মৃত্যু।

    ঘটনাস্থলীত বনবিভাগ উপস্থিত হয় যদিও হাতীটো উদ্ধাৰ কৰিবলৈ  বা চিকিৎসাৰ বাবে কোনো উচিত ব্যৱস্থা  নোলোৱাৰ অভিযোগ ৰাইজৰ ৷ 

    • Share this:
    নুমলীগড়ৰ খুমটাইৰ চুঙিহোলা বৰবিলত মেটেকাৰ মাজত আৱদ্ধ হৈ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৱে সকলোকে শোকাহত কৰিছে।

    দুদিন পূৰ্বে খুমটাইৰ মণ্ডল কাঠনিত এজাক বনৰীয়া হাতী  খাদ্যৰ সন্ধানত ওলাই আহিছিল। হাতীৰ জাকটোক  বনবিভাগ আৰু স্থানীয় ৰাইজে খেদি পঠাবলৈ সক্ষম হ’ল যদিও  শুক্ৰবাৰে বাৰে পুৱাই লেটেকুচাপৰি, চুঙিহোলাৰ ৰাইজে প্ৰত্যক্ষ কৰিলে এটি অকলশৰীয়া হাতী। গাঁওবাসীয়ে হাতীটো খেদি পঠিয়াবলৈ চেষ্টা কৰে, দুৰ্ভাগ্যজনক ভাৱে সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীটো আৱদ্ধ হৈ পৰিল মেটেকাৰে পৰিপূৰ্ণ চুঙিহোলা বৰবিলত ৷

    বিলৰ পৰা হাতীটো ওলাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও সক্ষম নহ'ল ৷ অৱশেষত শুকুৰ বাৰে সন্ধিয়া বিলৰ পানীৰ মাজতে কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লয় হাতীটোৱে । ঘটনাস্থলীত বনবিভাগ উপস্থিত হয় যদিও হাতীটো উদ্ধাৰ কৰিবলৈ  বা চিকিৎসাৰ বাবে কোনো উচিত ব্যৱস্থা  নোলোৱাৰ অভিযোগ ৰাইজৰ ৷
    Published by:Manjumoni Borah
    First published: