
বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী চাফাৰী।
বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী চাফাৰী।
বহু প্ৰতীক্ষাৰ অন্ত পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ২ নবেম্বৰৰ পৰা আৰম্ভ হ'ল হাতী চাফাৰী। পৰ্যটকৰ বাবে পুৱা ৫ বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে হাতী চাফাৰী আৰম্ভ কৰা হয়। বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী চাফাৰী। উল্লেখ্য যে, দেশ–বিদেশৰ বিভিন্ন পৰ্যটকে এই সময়ত জীপ চাফাৰী, হাতী চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ফুৰাৰ উদ্দেশ্যে ভিৰ কৰে। তেওঁলোকে বিশেষকৈ বিশ্ব বিখ্যাত এশিঙিয়া গঁড়ৰ লগতে অন্যান্য জীৱ–জন্তু চোৱাৰ হেঁপাহেৰে উদ্যানখনলৈ আহে। বিশ্বৰ অন্যতম মুকলি ৰাষ্ট্ৰীয় উদ্যান পুৱাৰ ভাগত এক মনোমোহা দৃশ্য চাবলৈ হাতী চাফাৰী উপভোগ কৰিবলৈ বহু লোক কাজিৰঙালৈ যায়। কিন্তু এই বৰ্ষৰ অক্টোবৰ মাহত জীপ চাফাৰী মুকলি কৰি দিছিল যদিও হাতী চাফাৰী মুকলি নোহোৱা বাবে বহু পৰ্যটকে দুখ মনেৰে উভতি যাব লগা হৈছিল।
আজি কঁহৰা আৰু বাগৰী বনাঞ্চলত হাতী চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰাত আনন্দত উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল। কঁহৰা ৰেঞ্জত বিভাগীয় হাতীৰে চাফাৰী মুকলি কৰা হয় য’ত ১৪ গৰাকী বিদেশী পৰ্যটকে হাতী চাফাৰী উপভোগ কৰে। আনহাতে বাগৰি ৰেঞ্জত ব্যক্তিগত হাতীৰে চাফাৰীৰ শুভাৰম্ভ কৰা হয় য’ত ২৫ গৰাকী পৰ্যটকে প্ৰথমটো হাতী চাফাৰী উপভোগ কৰে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|