আইৰ সমান হ’ব কোন...খৰস্ৰোতা নৈত পৰা সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা গজমাতাৰ, চাওক অসমৰ এই ভিডিও

News18 Assam | News18-Assam
Updated:July 27, 2020, 5:01 PM IST
আইৰ সমান হ’ব কোন...খৰস্ৰোতা নৈত পৰা সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা গজমাতাৰ, চাওক অসমৰ এই ভিডিও
এই ভিডিও ওদালগুৰি–বাক্সাৰ সীমামূৰীয়া বৰনদীৰ।

এই ভিডিও ওদালগুৰি–বাক্সাৰ সীমামূৰীয়া বৰনদীৰ।

  • Share this:
মাকৰ মৰমৰ সমান পৃথিৱীত একোৱে নহয়। কথাতে কয় আইৰ সমান হ’ব কোন? নৈৰ সমান বব কোন? পৃথিৱীৰ একোৰে তুলনা নহয় মাকৰ মৰমৰ। মাক মাকেই, সেয়া লাগিলে মানুহেই হওক বা অন্য জীৱ। এনে এগৰাকী মাতৃৰ মৰমৰ ভিডিওই মন ভৰাই তুলিব আপোনাৰ। ওদালগুৰি–বাক্সা সীমান্তৰ বৰনদীৰ বুলি কোৱা এই ভিডিওত দেখা গৈছে এগৰাকী গজমাতাই কিদৰে খৰস্ৰোতা নৈত পৰি যোৱা নিজৰ সন্তানক তুলি আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। শুঁৰেৰে হাতী পোৱালিটোক পানীৰ পৰা তুলি আনিবলৈ চেষ্টা কৰিছে মাকে। বহু চেষ্টাৰ অন্তত মাতৃগৰাকী সফল হয়।



ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিওটো।
First published: July 27, 2020, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading