এক কৰুণ ঘটনা । ৰে'লে মহটিয়াই নিলে দুটাকৈ বন্যহস্তীক । দক্ষিণ কামৰূপৰ তিনিআলি গোসাঁইহাট উপাৰপাৰাত নিশা প্ৰায় আঢ়ৈ বজাত তীব্ৰবেগী মালবাহী ৰে'লৰ খুন্দাত প্ৰাণ গ'ল এটি বন্যহস্তীৰ (Wild elephants), লগতে গুৰুতৰভাৱে আহত হয় এটা হাতী । ঘটনা অনুসৰি অঞ্চলটোৰ মালিয়াটা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীৰ এটি জাক। খাদ্যৰ সন্ধান কৰি পুনৰ মালিয়াটা পাহাৰলৈ বুলি ৰাওনা হৈছিল জাকটো ।
জাকটোৱে কাম্যাখ্যা-যোগীঘোপা ৰে'লপথটো পাৰ হৈ থাকোঁতেই গুৱাহাটীৰ পৰা দিল্লী অভিমুখী মালবাহী ৰে'লে মহটিয়ায় দুটাকৈ হাতীক। ফলত ১টা হাতীৰ থিতাতে মৃত্যু হয়, আনহাতে এটা আহত হয় । দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰলৈ ৰে'লে চোঁচৰাই নিয়ে মৃত হাতীটোক (Elephant Killed After Being Hit By Speeding Train)।
গুৰতৰভাৱে আহত হাতীটো পুনৰ হাবিলৈ যায় বুলি জানিব পৰা গৈছে । নিশাই বন বিভাগৰ লোক আৰু ৰে'ল বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হৈ মৃত হাতীতো ৰে'ল লাইনৰ পৰা আঁতৰায়। উল্লেখ্য যে অঞ্চলটোত প্ৰায়ে জনাঞ্চলৈ ওলাই আহে হাতী । ৰাইজৰ দাবী উক্ত এলেকাত যিহেতু প্ৰতিদিনে হাতী ওলাই সেই স্থানত হাতীৰ কৰিড'ৰ বুলি চাইনবোৰ্ড লিখি আঁৰি দিয়াৰ লগতে ৰে'লৰ গতি বেগ কমোৱাৰ ব্যৱস্থা কৰিব লাগে (demands for reduction in speed of trains on elephant corridor) ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|