মুখ্যপৃষ্ঠা »খবৰ »অসম »খৰি কাটিবলৈ যাওঁতে অঘটন, নগাঁৱৰ শগুনবাহীত হাতীৰ গচকত গুৰুতৰভাৱে আহত বাপুকণৰ মৃত্যু হাস্পতালত

খৰি কাটিবলৈ যাওঁতে অঘটন, নগাঁৱৰ শগুনবাহীত হাতীৰ গচকত গুৰুতৰভাৱে আহত বাপুকণৰ মৃত্যু হাস্পতালত

 বাপুকণ ৰাভা গুৰুতৰভাৱে আহত হৈ পৰি থকা দেখা পাই স্থানীয় ৰাইজে বাপুুুকণ ৰাভাক পৰি থকা দেখা পাই বন বিভাগৰ লোকক খবৰ দিয়ে।

  • Share this:

কোৰোণা ভাইৰাছৰ দ্বিতীয় লহৰে ৰাজ্যজুৰি ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি অহাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলী শগুনবাহীত স‌ংঘটিত হৈছে শোকাৱহ ঘটনা। পাহাৰত খৰি কাটিবলৈ গৈ শনিবাৰে দুপৰীয়া  বন্যহস্তীৰ আক্ৰমণত মৃত্যুমুখত পৰে এজন লোক ৷ নিহত লোকজন হৈছে কছাৰী গাঁৱৰ বাপুকণ ৰাভা ৷

শনিবাৰে পাহাৰত খৰি কাটি থাকোঁতেই বন্যহস্তীৰ মুখামুখি হয় বাপুকণ ৰাভা নামৰ লোকজন। বন্যহস্তীয়ে বাপুকণ ৰাভাক  খৰি কাটি থকা অৱস্থাতে গছকি দিয়াত গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় ৰাইজে বাপুুুকণ ৰাভাক পৰি থকা দেখা পাই বন বিভাগৰ লোকক খবৰ দিয়ে।পৰৱৰ্তী সময়ত ৰাইজৰ লগতে বন বিভাগৰ সহযোগত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বাপুকণ ৰাভাক পাহাৰৰ ওপৰৰ পৰা সংকটজনক অৱস্থাত কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসালয় প্ৰাংগণতে মৃত্যু হয় লোকজনৰ ৷ বাপুকণ ৰাভাৰ আকস্মিক মৃত্যুত কঠীয়াতলী কছাৰী গাঁও অঞ্চলত শোকৰ ছাঁ পৰিছে।

শেহতীয়া বাতৰি