মাতৃৰ সৈতে খাদ্যৰ সন্ধানত ওলাই আহিছিল, নলাত পৰি মৃত্যু কণমানি গজৰাজৰ

News18 Assam | News18-Assam
Updated:October 7, 2020, 2:01 PM IST
মাতৃৰ সৈতে খাদ্যৰ সন্ধানত ওলাই আহিছিল, নলাত পৰি মৃত্যু কণমানি গজৰাজৰ
চাহ বাগিচাখনৰ স্থানীয় একাংশ লোকে হাতীৰ পোৱালিটো  দ' নলাত পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যে পোৱালিটোৰ মৃত্যু হৈছিল।

চাহ বাগিচাখনৰ স্থানীয় একাংশ লোকে হাতীৰ পোৱালিটো  দ' নলাত পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যে পোৱালিটোৰ মৃত্যু হৈছিল।

  • Share this:
ৰঙাপৰাত বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু। হাতীবাৰী চাহ বাগিচাৰ এটা নলাত পৰি ডেৰ মহীয়া হাতীৰ পোৱালিটোৰ মৃত্যু ঘটে। চাহ বাগিচাখনৰ স্থানীয় একাংশ লোকে হাতীৰ পোৱালিটো  দ' নলাত পৰা উদ্ধাৰ কৰে যদিও ইতিমধ্যে পোৱালিটোৰ মৃত্যু হৈছিল। নিশা  খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ এটা বৃহৎ জাকে বাগিচাখনৰ মাজেৰে পাৰ হৈ গৈ থকা সময়তে ডেৰ বছৰীয়া পোৱালিটো বাগিচা খনৰ ১০ ছেকচনৰ দ’ নলাত পৰি যায়৷

জাকটোৱে পোৱালিটো উদ্ধাৰ চেষ্টা চলায় যদিও মাটিত পোত গৈ মৃত্যু হয়৷ বাগিচা কৰ্তৃপক্ষই আমাৰীবাৰী বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আৰু চিকিৎসক আহি বাগিচাখনত উপস্থিত হৈ পোৱালিটো পুতি পোলোৱাৰ ব্যৱস্থা কৰে৷
Published by: Sanjay Kumar Das
First published: October 7, 2020, 2:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি