নগাঁওৰ পাহাৰৰ টিলাত একেলগে ১৮টা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতে দক্ষিণ কামৰূপত পুনৰ উদ্ধাৰ হ'ল এটি বনৰীয়া হাতীৰ মৃতদেহ । দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমান্তৰ কুলশী টিয়ামাৰীত পুৱাই পথাৰৰ সমীপত উদ্ধাৰ হয় হাতীৰ মৃতদেহ।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত টিয়ামাৰীত উদ্ধাৰ হোৱা মতা হাতীটোৰ বয়স ৮বছৰ বুলি অনুমান কৰা গৈছে। কিন্তু ৰহস্যজনকভাৱে পথাৰৰ সমীপত উদ্ধাৰ হোৱা এই হাতীটোৰ কি কাৰণত মৃত্যু হ'ল, সেয়া স্পষ্ট হোৱা নাই। ঘটনাস্থলীত কুলশী বন বিভাগ উপস্থিত হৈ হাতীটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। হাতীটোৰ মৃত্যু স্থানীয় লোকে গোপনে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি হোৱাৰ সন্দেহ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|