মুখ্যপৃষ্ঠা »খবৰ »অসম »হাতী–মানুহৰ সংঘাতৰ বিপৰীত ছবি, বন্যহস্তীৰ মৃত্যুত ম্ৰিয়মান গাঁওবাসী

হাতী–মানুহৰ সংঘাতৰ বিপৰীত ছবি, বন্যহস্তীৰ মৃত্যুত ম্ৰিয়মান গাঁওবাসী

দীৰ্ঘদিন ধৰি হাতীমুৰা পাহাৰৰ নামনিত বসবাস কৰা লোকসকলৰ সৈতে একাত্ম হৈ পৰিছিল দঁতাল হাতীটো।

দীৰ্ঘদিন ধৰি হাতীমুৰা পাহাৰৰ নামনিত বসবাস কৰা লোকসকলৰ সৈতে একাত্ম হৈ পৰিছিল দঁতাল হাতীটো।

দীৰ্ঘদিন ধৰি হাতীমুৰা পাহাৰৰ নামনিত বসবাস কৰা লোকসকলৰ সৈতে একাত্ম হৈ পৰিছিল দঁতাল হাতীটো।

  • Share this:
    এটা প্ৰাপ্তবয়স্ক হাতীৰ মৃতুক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ কলিয়াবৰৰ হাতীমুৰাত। ৰে’লৰ খুন্দাত আহত হোৱা হাতীটোৱে বিগত প্ৰায় দুই-তিনি বছৰ ধৰি কলিয়াবৰৰ হাতীমুৰাত অৱস্থান কৰি আহিছিল। কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি ৰে’লৰ খুন্দাত আহত হৈছিল এই প্ৰাপ্তবয়স্ক বনৰীয়া হাতীটো।

    অসুস্থতাৰ বাবে খাদ্য সংগ্ৰহ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলাইছিল হাতীটোৱে। বিগত তিনিমাহ ধৰি হাতীটো ক্ৰমান্বয়ে শাৰীৰিকভাৱে অধিক দুৰ্বল হৈ পৰিছিল। গাঁওবাসীয়ে হাতীটোক যোগান ধৰিছিল খাদ্য। অৱশেষত, দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে হাতীমুৰাবাসীৰ মৰমৰ হাতীটোৱে।



    দীৰ্ঘদিন ধৰি হাতীমুৰা পাহাৰৰ নামনিত বসবাস কৰা লোকসকলৰ সৈতে একাত্ম হৈ পৰিছিল দঁতাল হাতীটো। ঘৰচীয়া হাতীৰ দৰেই অঞ্চলটোৰ পদূলিয়ে-পদূলিয়ে খাদ্যৰ সন্ধান চলাইছিল বন্যহস্তীটোৱে। স্থানীয় ৰাইজৰ বাৰীৰ কলগছৰ লগতে বিভিন্ন খাদ্য-সামগ্ৰী খাই অঞ্চলটোতে আশ্ৰয় লৈ আছিল হাতীটোৱে। মানুহৰ সৈতে আত্মীয়তা গঢ়া হাতীটোৱে কোনো লোককে আক্ৰমণ কৰা নাছিল। যাৰ ফলত হাতীটোৰ সৈতে অঞ্চলবাসীৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।

    হাতীটোৰ মৃত্যুত অঞ্চলটোত সৃষ্টি হয় এক শোকাকুল পৰিৱেশ। মৰমতে ৰাইজে ‘হাতীমুৰা বুঢ়াবাবা’ নাম ৰাখিছিল হাতীটোৰ। হাতীমুৰা বুঢ়াবাবাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলোৱে।

    শেহতীয়া বাতৰি