• Home
  • »
  • News
  • »
  • assam
  • »
  • Man-Elephant Conflict : শোৱা পাটিৰ পৰা উঠি আহোতেই হাতীৰ আক্ৰমণ, তামাৰহাটত মৃত্যুৰে যুঁজিছে কনক ৰায়ে

Man-Elephant Conflict : শোৱা পাটিৰ পৰা উঠি আহোতেই হাতীৰ আক্ৰমণ, তামাৰহাটত মৃত্যুৰে যুঁজিছে কনক ৰায়ে

তামাৰহাটত হাতীৰ উপদ্ৰৱ

তামাৰহাটত হাতীৰ উপদ্ৰৱ

Man-Elephant Conflict : এইবাৰ ধুবুৰী জিলাৰ তামাৰহাটত হাতীৰ আক্ৰমণত কনক ৰায় নামৰ যুৱক এজন গুৰুতৰ ভাৱে আহত। আহত কনক ৰায়ক চিকিৎসালয়লৈ প্ৰেৰণ।

  • Share this:
দিনে দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে (Man-Elephant Conflict). ধুবুৰী জিলাৰ তামাৰহাটত দতাল হাতীৰ আক্ৰমণত (Elephant Attack) আজি আহত হয় এজন লোক। দতাল হাতী চাবলৈ যোৱা এজন লোকক হাতীয়ে খেদি খেদি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। হাতীটো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park)ৰ পৰা নামি অহা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

শনিবাৰে পুৱাৰ ভাগত ধুবুৰী জিলাৰ তামাৰহাটৰ গংগাধৰ নদীৰ কালাচান পাৰা চৰত ৰাইজে প্ৰত্যক্ষ কৰিছিল প্ৰকাণ্ড এছিয়ান হাতীটো। পিছত গংগাধৰ নদী পাৰ হৈ   উজানপেটলা গাওঁত সোমাই এটা গৰুক আক্ৰমণ কৰি মাৰি পেলোৱাৰ লগতে গাঁওখনৰ যুৱক কনক ৰায়ক আক্ৰমণ কৰে হাতীটোৱে।

শোৱাপাটিৰ পৰা উঠি বাহিৰত ওলোৱাৰ সময়তে হাতীটোৱে  আক্ৰমণ কৰে কনক ৰায়ক। গুৰুতৰ ভাৱে আহত কনক ৰায়ক ৰাইজে ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যায় যদিও কনক ৰায়ৰ স্বাস্থ্যৰ অধিক অবনতি ঘটাত সংকট জনক অৱস্থাত চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসা লয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। আহত কনক ৰায় ধুবুৰী জিলাৰ কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুৰ সাধাৰণ সম্পাদক।

উল্লেখ্য যে খাদ্যৰ সন্ধানত ওলাই অহা নাইবা দলৰ পৰা বিচ্ছিন্ন হৈ পৰা হাতীটোৱে গংগাধৰ নদীৰ চৰৰ পৰা নদী অতিক্ৰম কৰি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰে। হাতীক চাবলৈ ৰাতিপুৱা বহু সংখ্যক মানুহ ভিৰ কৰে উক্ত অঞ্চলত। দতাল হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত বন বিভাগক খবৰ দিয়া হৈছিল। কিন্তু বহু দেৰিলৈকে বন বিভাগৰ কোনো কৰ্মচাৰী বা বিষয়া উক্ত অঞ্চলত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি