মুখ্যপৃষ্ঠা »খবৰ »অসম »জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ বিদ্যুত সংযোগ কৰ্তন, প্ৰতিক্ৰিয়াৰ পিছতে তত্‍পৰ প্ৰশাসন

জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ বিদ্যুত সংযোগ কৰ্তন, প্ৰতিক্ৰিয়াৰ পিছতে তত্‍পৰ প্ৰশাসন

এই ঘটনাই সমাধিক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষৰ স্বৰূপ উন্মোচন কৰিছে

এই ঘটনাই সমাধিক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষৰ স্বৰূপ উন্মোচন কৰিছে

এই ঘটনাই সমাধিক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষৰ স্বৰূপ উন্মোচন কৰিছে

  • Share this:

হঠাতে অন্ধকাৰত ডুব গ'ল জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। আজি সন্ধিয়া হঠাৎ বিদ্যুৎ সংযোগ কৰ্তন ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ। তথ্য অনুসৰি বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুৎ সংযোগ কৰ্তন কৰে বিদ্যুত্‍ বিভাগে।


বিগত কেইবা মাহ ধৰি বিদ্যুতৰ বিল আদায় দিয়া নাছিল সমাধিক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষই, যাৰ ফলত আজি শক্তি বিভাগে কৰ্তন কৰে সমাধিক্ষেত্ৰৰ বিদ্যুৎ সংযোগ।


এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰকাৰৰ বিৰুদ্ধে সুধাকণ্ঠক অপমান কৰাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰে বহুতে। পিছত সামাজিক মাধ্যমত ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ পিছতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশত পুনৰ বিদ্যুৎ সংযোগ দিয়া হয়। কিন্তু এই ঘটনাই সমাধিক্ষেত্ৰৰ বিভাগীয় কৰ্তৃপক্ষৰ স্বৰূপ উন্মোচন কৰিছে।

শেহতীয়া বাতৰি