পুনৰ বাঢ়িব বিদ্যুত্ মাচুল। এই বিষয়ে জাননী জাৰি কৰিছে অসম শক্তি বিতৰণ কোম্পানীয়ে। জাননী অনুসৰি ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব মাচুল। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল সংগ্ৰহৰ সিদ্ধান্ত লোৱাৰ বিষয়ে প্ৰকাশ কৰা হৈছে।
উল্লেখ্য, ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্ৰাইচ এডজাষ্টমেণ্ট (FPPPA)ৰ নামত নৱেম্বৰত প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া ফেব্ৰুৱাৰীৰ পৰা ৫০ পইচাকৈ সংগ্ৰহ কৰা হ'ব।
এপিডিচি এলৰ এই সিদ্ধান্তৰ প্ৰতি সেইজ সংকেত দিয়া হৈছে দিছপুৰৰ পৰাও। গতিকে এয়া নিশ্চিত হৈ পৰিছে যে বিদ্যুত্ মাচুল ৫০ পইচাকৈ বৃদ্ধি পাব। এই প্ৰসংগত এটা বিশেষ টুইটে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। এই টুইট কৰিছে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই। ভূঞাই ৰাইজক অভিনন্দন জনাই লিখিছে যে অধিক অচ্ছে দিনৰ বাবে ২০২৪ আহি আছে।
পুনৰ বিদ্যুত মাচুল বৃদ্ধি হ’ব ॥
জপিয়াই জপিয়াই ভোট দি আচ্ছে দিনৰ এই সফলতা প্ৰাপ্তিৰ বাবে ভোট দিয়া ৰাইজলৈ অভিনন্দন !
অধিক আচ্ছে দিনৰ বাবে ২০২৪ আহি আছে ! pic.twitter.com/3OE7dufx06
— JAGADISH BHUYAN (@jbhuyan65) January 29, 2023
গুৰুত্বপূৰ্ণ যে এপিডিচিএলে ইন্ধনৰ মূল্যৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনিবাৰলৈ মাচুল বৃদ্ধি কৰিছিল। আৰু এইবাৰৰ বৃদ্ধিৰে ই চতুৰ্থবাৰলৈ মাচুল বৃদ্ধি কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|