• Home
  • »
  • News
  • »
  • assam
  • »
  • Jorhat Congress : বিদ্যুৎ বিল বৃদ্ধি, যোৰহাটৰ বিদ্যুৎ ভৱনৰ চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ

Jorhat Congress : বিদ্যুৎ বিল বৃদ্ধি, যোৰহাটৰ বিদ্যুৎ ভৱনৰ চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ

বৰ্ধিত বিদ্যুৎ মাছুল সন্দৰ্ভত বিহিত ব্যৱস্থা লবলৈ দাবী বিদ্যুৎ বিভাগক

বৰ্ধিত বিদ্যুৎ মাছুল সন্দৰ্ভত বিহিত ব্যৱস্থা লবলৈ দাবী বিদ্যুৎ বিভাগক

বৰ্ধিত বিদ্যুৎ মাছুল সন্দৰ্ভত বিহিত ব্যৱস্থা লবলৈ দাবী বিদ্যুৎ বিভাগক

  • Share this:

শেহতীয়াকৈ বিদ্যুৎ বিলক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। পূৰ্বৰ তুলনাত বহু বেছি হাৰত বিদ্যুৎ বিল লাভ কৰাত আচৰিত হৈছিল একাংশ গ্ৰাহক।


কিন্তু এই সন্দৰ্ভত মন্ত্ৰী, বিষয়াসকলৰ ভিন্ন মন্তব্যই বিষয়টো অধিক জটিল কৰি তোলাৰ লগতে ৰাইজৰ মাজত সৃষ্টি কৰিছিল বিভ্ৰান্তিৰ। শেহতীয়াকৈ বিদ্যুৎ বিভাগে এনে অভিযোগ থকা গ্ৰাহকসকলৰ বিদ্যুৎ মিটাৰসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ।


ইফালে  বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ক্ষুব্ধ হৈ পৰিছে বিৰোধী কংগ্ৰেছ দল। বুধবাৰে যোৰহাটত বিদ্যুৎ ভৱনৰ সন্মুখত  যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে বৰ্ধিত বিদ্যুৎ মাচুলৰ ওপৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।


এই সন্দৰ্ভত শীঘ্ৰে বিহিত ব্যৱস্থা ল'বলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীসকলে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি