অতি শীঘ্ৰে সংসদত উত্থাপিত হ’ব বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০, বাঢ়িব পাৰে বিদ্যুতৰ মাছুল!

News18 Assam | News18-Assam
Updated:June 10, 2020, 8:04 PM IST
অতি শীঘ্ৰে সংসদত উত্থাপিত হ’ব বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০, বাঢ়িব পাৰে বিদ্যুতৰ মাছুল!
অতি শীঘ্ৰে সংসদৰ উত্থাপন হ’ব বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০

অতি শীঘ্ৰে সংসদৰ উত্থাপন হ’ব বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০

  • Share this:
এখন নতুন বিধেয়ক উত্থাপনৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। অতি শীঘ্ৰে সংসদৰ উত্থাপন হ’ব বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২০ ৷ বিধেয়কখনে আইনত পৰিণত হলে শক্তি খণ্ডৰ ওপৰত কৰ্তৃত্ব হেৰুৱাব ৰাজ্য চৰকাৰে ৷

শক্তিখণ্ডৰ সৰ্বেসৰ্বা হ’ব কেন্দ্ৰ ৷ এই ক্ষেত্ৰত বিদ্যুত উৎপাদন, বিতৰণ, সকলো সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে ৷  ভাৰতীয় সংবিধানৰ উমৈহতীয়া অধিকাৰ ৰূপে থকা শক্তি খণ্ড কেন্দ্ৰৰ হাতলৈ গ’লে জনতাৰ মূৰত পুনৰ মাধমাৰ পৰাৰ শংকা কৰা হৈছে ৷



বুধবাৰে বিদ্যুত্‍ বিভাগৰ অভিযন্তা পেন্সন সমন্বয়ৰক্ষী সমিতিয়ে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলতে সমিতিয়ে উল্লেখ কৰে যে, শক্তিখণ্ডৰ ক্ষমতা ৰাজ্যৰ পৰা কেন্দ্ৰ চৰকাৰলৈ সম্পূৰ্ণৰূপে হস্তান্তৰ হলে দুখীয়া দৰিদ্ৰই হেৰুৱাব ৰাজসাহাৰ্য্য। বিপৰীতে অত্যাধিক হাৰত বিদ্যুতৰ মাছুল বৃদ্ধিৰ আশংকা ৷

সংবাদমেলতে উপস্থিত থকা সাংসদ অজিৎ ভূঞাৰ দাবী, ‘এয়া কেন্দ্ৰীয় চৰকাৰৰ বনীয়া গোষ্ঠীৰ প্ৰতি প্ৰীতি ৷ শক্তি খণ্ডক ব্যক্তিগত খণ্ডলৈ গটোৱাৰ উদ্দেশ্যে কেন্দ্ৰই আনিব বিচাৰিছে এনে এখন জনগণ বিৰোধী আইন ৷ যাক কেতিয়াও গ্ৰহণ নকৰাৰ হুংকাৰ।’

বিপৰীতে এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব বুলি জনাই সাংসদ ভূঞাই ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে আনিবলৈ লোৱা এনে বিধেয়কৰ বাবে একেসময়তে কৰ্মচাৰী তথা ভৱিষ্যত দিনত নিয়োগৰ ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব অসমৰ প্ৰাৰ্থী ৷ কিয়নো শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব নাইকীয়া হলে কেন্দ্ৰীয় চৰকাৰে বহিঃ ৰাজ্যৰ লোকক নিযুক্তি দিব অসমত ৷
First published: June 10, 2020, 7:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি