মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰহা বিদুৎ উপসংমণ্ডলে ই ৰিক্সা থকা গ্ৰাহকৰ বাবে প্ৰেৰণ কৰা গোহাৰি সন্দৰ্ভত ৰহাত ই-ৰিক্সা চালকৰ প্ৰতিক্ৰিয়া

ৰহা বিদুৎ উপসংমণ্ডলে ই ৰিক্সা থকা গ্ৰাহকৰ বাবে প্ৰেৰণ কৰা গোহাৰি সন্দৰ্ভত ৰহাত ই-ৰিক্সা চালকৰ প্ৰতিক্ৰিয়া

ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ  অধীনৰ ই-ৰিক্সা থকা গ্ৰাহকসকলে এতিয়াৰ পৰা নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ ঘৰৰ মিটাৰ ব্যৱহাৰ কৰিৱ নোৱাৰিব।

ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ  অধীনৰ ই-ৰিক্সা থকা গ্ৰাহকসকলে এতিয়াৰ পৰা নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ ঘৰৰ মিটাৰ ব্যৱহাৰ কৰিৱ নোৱাৰিব।

ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ  অধীনৰ ই-ৰিক্সা থকা গ্ৰাহকসকলে এতিয়াৰ পৰা নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ ঘৰৰ মিটাৰ ব্যৱহাৰ কৰিৱ নোৱাৰিব।

  • Share this:
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অন্তৰ্গত ৰহা বিদ্যু উপ-সংমণ্ডলৰ অধীনৰ গ্ৰাহক সকলক ৰহা বিদুৎ বিভাগৰ ফালৰ পৰা এখন গোহাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে।গোহাৰি  পত্ৰখনৰ অনুসৰি ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ  অধীনৰ ই-ৰিক্সা থকা গ্ৰাহকসকলে এতিয়াৰ পৰা নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ ঘৰৰ মিটাৰ ব্যৱহাৰ কৰিৱ নোৱাৰিব। তেওঁলোকে ই-ৰিক্সা চাৰ্জৰ বাবে LT-Electric Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদুৎ সংযোগ গ্ৰহণ কৰিব লাগিব।

ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সা চাৰ্জ কৰিলে তেনে গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী এপি ডিচিএলে আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও গোহাৰি পত্ৰখনত উল্লেখ কৰে। ইপিনে ৰহা বিদ্যুৎ বিভাগে প্ৰদান কৰা গোহাৰি পত্ৰখন লাভৰ পাছতেই ৰহাৰ ই -ৰিক্সা চালক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ই-ৰিক্সা  চালক সকলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ই ৰিক্সা চলাই সামান্য ধনৰ জৰিয়তে বহু নিবনুৱাই কৰ্ম সংস্থাপনৰ বাট উলিয়াইছে। যেনে তেনে নিজৰ পৰিয়াল চলোৱা চালক সকলে ঘৰত নতুন মিটাৰ লগাই ই-ৰিক্সা চাৰ্জ  কৰিবলগীয়া বিষয়টোক লৈ চিন্তিত হৈ পৰিছে বুলিও উল্লেখ কৰে। দিনটো  ই -ৰিক্সা চলাই লাভ কৰা সামান্য ধনৰে নতুন মিটাৰ সংস্থাপন কৰি বিল পৰিশোধ কৰাটো তেওঁলোকৰ বাবে অসম্ভব বুলি উল্লেখ কৰি এইক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰক আহ্বান জনাইছে।

শেহতীয়া বাতৰি