উত্তৰ–পূব সীমান্ত ৰে’লৱেত দ্ৰুতগতিত চলিছে ৰে’লৱে বৈদ্যুতিকৰণৰ কাম। বিগত দুটা বৰ্ষত উত্তৰ–পূব সীমান্ত ৰে’লৱেত বৈদ্যুতিকৰণৰ কাম–কাজে ক্ৰমান্বয়ে গতি লাভ কৰিছে আৰু আশা কৰা হৈছে যে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত এন এফ ৰে’লৱেৰ ৬,২৪২ কিলোমিটাৰৰ ৰে’লপথৰ ৫০ শতাংশ ৰে’লপথ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব। ৫৩৪ কিলোমিটাৰ ৰে’লপথ ইতিমধ্যে বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে আৰু ২০২০ চনৰ মাৰ্চৰ ভিতৰত অতিৰিক্ত ২,৬৩১ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈ উঠিব। বাকী থকা ৩০৭৭ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম–কাজ দ্ৰুতগতিৰে আগবাঢ়িছে।
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ সংমণ্ডলৰ অধীনৰ ২১৯ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণ হৈছে। বৈদ্যুতিকৰণ হোৱা উল্লেখনীয় খণ্ডসমূহ হ’ল কাটিহাৰ য়াৰ্ড (৩৭.৫১ কিঃমিঃ) আৰু কাটিহাৰ–কুমেদপুৰ–মালদা কোৰ্ট (১৮১.৮৪ কিঃমিঃ) খণ্ড। পৰৱৰ্তী পৰ্যায়ত ৩১৫ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণ কৰা হয়, য’ত মালদা কোৰ্ট–সিংঘাপাদ (২১.৬৮ কিঃমিঃ), কাটিহাৰ–মুকুৰিয়া আৰু কুমেদপুৰ–মুকুৰিয়া (১০২.১৬ কিঃমিঃ) আৰু মুকুৰিয়া–গুঞ্জাৰিয়া (১৯১.৩৮ কিঃমিঃ) ৰে’লপথ অন্তৰ্ভুক্ত হৈ আছে। বাণীনগৰ–জলপাইগুৰি–নিউ বঙাইগাঁও–ৰঙিয়া–গুৱাহাটী খণ্ড সহিতে ১০৮৫ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণ ২০১৯ বৰ্ষৰ ডিচেম্বৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এন এফ ৰে’লৱেই এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে এই তথ্য।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 06, 2019, 14:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।