মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ নিৰ্বাচনলৈ ব্যাপক তৎপৰতা গেৰুৱা দল BJPৰ ! সাংসদ, মন্ত্ৰী, বিধায়কক লৈ গঠন কৰা হৈছে সমষ্টিভিত্তিক সমিতি...

উপ নিৰ্বাচনলৈ ব্যাপক তৎপৰতা গেৰুৱা দল BJPৰ ! সাংসদ, মন্ত্ৰী, বিধায়কক লৈ গঠন কৰা হৈছে সমষ্টিভিত্তিক সমিতি...

News18 Assam | News18-Assam
Updated:July 24, 2021, 9:33 AM IST
উপ নিৰ্বাচনলৈ ব্যাপক তৎপৰতা গেৰুৱা দল BJPৰ ! সাংসদ, মন্ত্ৰী, বিধায়কক লৈ গঠন কৰা হৈছে সমষ্টিভিত্তিক সমিতি...
file image

সাংগঠনিকভাৱে উপনিৰ্বাচনলৈ সাঁজু হৈ থকা গেৰুৱা দলটোৱে সমষ্টি ভিত্তিক নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰীক তদাৰকৰ বাবে সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত গঠন কৰিছে উচ্চস্তৰীয় সমিতি ৷

  • Share this:
ৰাজ্যত ইটোৰ পিছত সিটো নিৰ্বাচনত জয়ী হৈ প্ৰৱল আত্মবিশ্বাস বঢ়া বিজেপিয়ে আগন্তুক চাৰিটা সমষ্টিত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব ৷ কোনো অংকই যাতে দলটোৰ ৰণকৌশলত বাধা দিব নোৱাৰে তাৰ বাবে এতিয়াৰে পৰা তৎপৰ হৈছে দলটো ৷

সাংগঠনিকভাৱে উপনিৰ্বাচনলৈ সাঁজু হৈ থকা গেৰুৱা দলটোৱে সমষ্টি ভিত্তিক নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰীক তদাৰকৰ বাবে সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত গঠন কৰিছে উচ্চস্তৰীয় সমিতি ৷ য'ত আছে সাংসদ, মন্ত্ৰী, বিধায়ক তথা দলটোৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৷ মৰিয়নী সমষ্টিত আহ্বায়ক হিচাপে মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী সঞ্জয় কিষাণক দায়িত্ব প্ৰদান কৰা হৈছে ৷ মৰিয়নী সমষ্টিটোৰ বাবে সদস্য হিচাপে লোৱা হৈছে সাংসদ তপন কুমাৰ গগৈ,সাংসদ কামাখ্যা প্ৰসাদ তাছা,সাংসদ পল্লৱ লোচন দাসৰ লগতে আলোক ঘোষ আৰু ৰমণী তাঁতীক ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলীৰ বাবে আহ্বায়কৰ দায়িত্ব লাভ কৰিছে ড৹ ৰণোজ পেগু আৰু বিমল বৰাই ৷ মাজুলীৰ বাবে গঠিত সমিতি খনত সদস্য হিচাপে আছে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, বিধায়ক নৱ কুমাৰ দলে, বিজেপিৰ ৰাজ্যিক উপ সভাপতি পুলক গোঁহাই, মুখপাত্ৰ লক্ষ্য কোঁৱৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বৰা, বীৰেণ শইকীয়া আৰু ডি.এ.চিৰ মুখ্য কাৰ্যনিৰ্বাহক মাধৱ দেউৰী ৷ তামুলপুৰ উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ আহ্বায়কৰ দায়িত্বত মন্ত্ৰী ৰণজিত কুমাৰ দাস থকাৰ বিপৰীতে সদস্য হি়চাপে আছে বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ দুই কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্ম নাৰায়ণ দাস, প্ৰাক্তন বিধায়ক ইমানুৱেল মুচাহাৰী, বিটিচিৰ দুই এম চি এল এ বিজিত গৌৰা বসুমতাৰী, হেমন্ত ৰাভা, বিজেপি তামুলপুৰ জিলাৰ সভাপতি ৰাজেশ বড়ো, লগতে থাকিব আন এজন সদস্য ভিক্টৰ দাস ৷ আনহাতে গোঁসাইগাঁও সমষ্টিটোত অশোক কুমাৰ সিংহলক আহ্বায়ক হিচাপে লৈ গঠন কৰা সমিতিত সদস্য হিচাপে আছে বিধায়ক অজয় ৰায়, বিজেপি নেতা শিৱনাথ ব্ৰহ্ম, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে', এম চি এল এ স্বজ্বল সৰকাৰ, বিজেপিৰ মণ্ডল সভাপতি উইলিয়াম নাৰ্জাৰী ৷ উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনৰ পিছতে প্ৰয়াত হৈছিল তামোলপুৰ, গোঁসাইগাঁৱৰ বিধায়কদ্বয়, বিজেপিত যোগদান কৰিবলৈ বিধায়ক পদ ত্যাগ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোদী কেবিনেটত অন্তৰ্ভুক্ত হোৱাত মাজুলীও হ'ল বিধায়ক বিহীন ৷
Published by: Kokil Sarma
First published: July 24, 2021, 9:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি