৭ জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন

News18-Assam
Updated:May 21, 2019, 7:36 AM IST
৭ জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন
জুনত খালী হ’ব ৰাজ্যৰসভাৰ দুখন আসন। কাৰ্যকাল সমাপ্ত হ’ব মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ।

জুনত খালী হ’ব ৰাজ্যৰসভাৰ দুখন আসন। কাৰ্যকাল সমাপ্ত হ’ব মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ।

  • Share this:
৭ জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। পুৱা ৯ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। আজি জাননী জাৰি কৰিব নিৰ্বাচন আয়োগে। এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৮ মে’। ২৯ মে’ত পৰীক্ষা কৰা হ’‍ব মনোনয়ন আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩১ মে’। ৭ জুনতে বিয়লি ৫ বজাৰ পৰা হ’ব ভোটগণনা। ১০ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া। জুনত খালী হ’ব ৰাজ্যৰসভাৰ দুখন আসন। কাৰ্যকাল সমাপ্ত হ’ব মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ। বিজেপিৰ সমৰ্থনত অসমৰ পৰা ৰামবিলাস পাছোৱানেও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি