• Home
  • »
  • News
  • »
  • assam
  • »
  • ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰা হ'ল নিষেধাজ্ঞা, ৬ বজাত নিৰ্বাচনী ৰেলীত অংশ ল'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰা হ'ল নিষেধাজ্ঞা, ৬ বজাত নিৰ্বাচনী ৰেলীত অংশ ল'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অৱশেষত হ্ৰাস কৰা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা।

অৱশেষত হ্ৰাস কৰা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা।

অৱশেষত হ্ৰাস কৰা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা।

  • Share this:
অৱশেষত হ্ৰাস কৰা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে মন্ত্ৰীগৰাকীৰ ওপৰত আৰোপ কৰা ৪৮ ঘণ্টীয়া নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্ৰাস কৰিলে।

মন্ত্ৰী  হিমন্তৰ ক্ষমা আবেদনৰ ভিত্তিতে নিৰ্বাচন আয়োগে পূৰ্বে বান্ধি দিয়া ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰিলে নিৰ্বাচনী প্ৰচাৰৰ নিষেধাজ্ঞা। আজি সন্ধ্যা ৫.৩০ বজাত অন্ত পৰিব নিষেধাজ্ঞাৰ সময়সীমা। আৰু ৬ বজাত মন্ত্ৰীগৰাকীয়ে অংশ লব এক বিশাল নিৰ্বাচনী ৰেলীত। সোনাৰাম খেলপথাৰৰ পৰা অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ডঃ হিমন্ত বিশ্ব শৰ্মাই। লাল গণেশলৈ এই ৰেলীত ভাগ ল'ব ষ্টাৰ কেম্পেইনাৰজনে।



উল্লেখ্য যে, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়াৰ বাবে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল মন্ত্ৰী হিমন্ত।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত ECIএ জাৰি কৰা নিষিদ্ধকৰণৰ ম্যাদ ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ হ্ৰাস কৰাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে BPFৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৷ NEWS18ক ক'লে- শিক্ষা মন্ত্ৰী হিচাপে কথা কওতে সাৱধান হ'ব লাগে হিমন্তই ৷ অভদ্ৰ ভাষা, অশালীন শব্দ কিয় ব্যৱহাৰ কৰে তেওঁ? হিমন্তই ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব?
Published by:Himangshu Bhuyan
First published: