உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Election Commission of India: নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ সংখ্যাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নিৰ্বাচন আয়োগৰ

    Election Commission of India: নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ সংখ্যাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নিৰ্বাচন আয়োগৰ

    ক'ভিডৰ বাধা-নিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে৷

    ক'ভিডৰ বাধা-নিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে৷

    ক'ভিডৰ বাধা-নিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে৷

    • Share this:

    বৰ্তমান দেশত কোভিড-১৯ ৰোগী আৰু এই ৰোগত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে এই ৰোগ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা বাধা-নিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী তাৰকা প্ৰচাৰকৰ সংখ্যাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে ৷


    এই নিৰ্দেশনাৰ জৰিয়তে কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত কৰা তাৰকা প্ৰচাৰকৰ (election star campaigners) সংখ্যা পুনৰ নিৰ্ধাৰণ কৰি জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ৭৭নং ধাৰা অনুসৰি নিৰ্ধাৰণ কৰা সংখ্যা পুনৰ বাহাল ৰখা হৈছে৷ এই অনুসৰি বৰ্তমান চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়া আৰু আগলৈ হ’ব লগা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ ক্ষেত্ৰত ৪০গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰাৰ বিপৰীতে অন্যান্য পঞ্জীয়নকৃত ৰাজনৈতিক দলসমূহে ২০ গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰিব পাৰিব৷


    এই তাৰকা প্ৰচাৰকৰ তালিকাসমূহ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ ৭ দিনৰ ভিতৰত নিৰ্বাচন আয়োগত (Election Commission of India) জমা দিব লাগিব৷ আনহাতে নিৰ্বাচন অনুষ্ঠিত হৈ থকা ৰাজ্যসমূহত চলিত নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰচাৰ চলাবৰ বাবে অতিৰিক্ত তাৰকা প্ৰচাৰক নিয়োগ কৰিব বিচাৰিলে অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাৰ ভিতৰত তাৰকা প্ৰচাৰকৰ তালিকা জমা দিব লাগিব৷ (Election Commission of India has issued new guidelines)


    সেই অনুসৰি অসম বিধানসভাৰ মাজুলী সমষ্টিৰ (Majuli constituency of Assam assembly) বাবে অনুষ্ঠিত হ’বলগীয়া আসন্ন উপনিৰ্বাচন, ২০২২ৰ বাবে অতিৰিক্ত তাৰকা প্ৰচাৰক নিয়োগ কৰিব বিচাৰিলে সংশ্লিষ্ট দলসমূহে অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাৰ ভিতৰত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নতুবা নিৰ্বাচন আয়োগৰ ওচৰত তাৰকা প্ৰচাৰকৰ তালিকা দাখিল কৰিব লাগিব৷

    Published by:Gautam Barman
    First published: