ৰাজ্যত চলি আছে উপ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত বিৰোধী দলসমূহে পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগলৈ। তাৰ মাজতে বুধবাৰে সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগৰ শেহতীয়া স্থিতিৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা।
আঞ্চলিক গণ মৰ্চাৰ মুৰব্বী অজিত কুমাৰ ভূঞাৰ মতে, দেশৰ নিৰ্বাচনী আয়োগৰ দাঁত আৰু নখ নাই। ভাৰতীয় নিৰ্বাচন আযোগৰ কোনো স্থিতি নাই, তেওঁলোক চৰকাৰী পুতলাত পৰিণত হৈছে। সাংসদ ভূঞাই লগতে কয় যে, 'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক বুঢ়া আঙুলি দেখুৱাইছে। এইসমূহ ঘটনা গণতন্ত্ৰৰ নামত বহুৱালি। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আযোগক চৰম উপলুঙা কৰিছে।'
ইফালে আগন্তুক উপ নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাই থাওৰাত চিপিআইৰ কৃষ্ণ গগৈক সমৰ্থন আগবঢ়াইছে আনহাতে ভৱানীপুৰ, মৰিয়নী, তামুলপুৰ আৰু গোসাইগাওঁ সমষ্টিত কংগ্ৰেছক সমৰ্থন দিছে বুলি কয় অজিত কুমাৰ ভূঞাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|