• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যসভাৰ উপ–নির্বাচনৰ তাৰিখ ঘোষণা, বিজেপি প্ৰাৰ্থী হ'ব সৰ্বানন্দ সোণোৱাল, সুস্মিতা দেৱৰ নামো ঘোষণা

ৰাজ্যসভাৰ উপ–নির্বাচনৰ তাৰিখ ঘোষণা, বিজেপি প্ৰাৰ্থী হ'ব সৰ্বানন্দ সোণোৱাল, সুস্মিতা দেৱৰ নামো ঘোষণা

ৰাজ্যসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছে প্ৰার্থী প্ৰক্ষেপ কৰে নে নকৰে জনালে কমলাক্ষ দে' পুৰকায়স্থই।

ৰাজ্যসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছে প্ৰার্থী প্ৰক্ষেপ কৰে নে নকৰে জনালে কমলাক্ষ দে' পুৰকায়স্থই।

ৰাজ্যসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছে প্ৰার্থী প্ৰক্ষেপ কৰে নে নকৰে জনালে কমলাক্ষ দে' পুৰকায়স্থই।

  • Share this:

নিৰ্বাচন আয়োগে অসম আৰু পশ্চিমবংগকে ধৰি ৫ ৰাজ্যৰ ৰাজ্যসভাৰ উপ–নির্বাচনৰ তাৰিখ ঘোষণা কৰিছে ৷ নির্বাচন আয়োগৰ ঘোষণা অনুযায়ী ৪ অক্টোবৰত অসমকে ধৰি পাঁচখন ৰাজ্যত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ–নিৰ্বাচন৷ অসমৰ লগতে পশ্চিমবঙ্গ,তামিলনাডু,মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ,পুডিছেৰীত অনুষ্ঠিত হ'ব উপ–নিৰ্বাচন ৷ উপ–নিৰ্বাচনৰ বাবে  মনোনয়ন দাখিলৰ শেষ দিন ২২ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।


 আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৭ ছেপ্টেম্বৰ। ৪ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উল্লেখ্য, অসমত যোৱা ১০ মে'ত বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাত খালী হৈ আছিল সাংসদৰ পদটি ৷


নৰেন্দ্ৰ মোদীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা সৰ্বানন্দ সোণোৱালেই বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ঠাইত ৰাজ্যসভালৈ যাব। এইক্ষেত্ৰত ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে সোণোৱালৰ নাম ৷ বিধানসভাৰ সচিবালয়ৰ পৰা শনিবাৰে সৰ্বানন্দ সোণোৱালৰ হৈ মনোনয়নপত্ৰ সংগ্ৰহ কৰে শান্তনু ভৰালী আৰু ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই ৷


আনহাতে, তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ মানস ৰঞ্জন ভুনীয়াই বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত সাংসদ পদ ত্যাগ কৰিছিল, ফলত পশ্চিম বংগৰ পৰা এখন আসন খালী হৈছিল। ভুনীয়া বৰ্তমান মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী। এই আসনখনৰ পৰা কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক দলটোৱে জয়ী কৰোৱাই উচ্চ সদনখনলৈ অনাৰ কথা কথা ঘোষণা কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ 


উল্লখ্য যে ৰাজ্যসভা নিৰ্বাচনত বিৰোধী কংগ্ৰেছে কোনো প্ৰার্থী প্ৰক্ষেপ নকৰে বুলি  আনুষ্ঠানিক সিদ্ধান্ত প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত ইতিমধ্যে লোৱা এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই।

Published by:Gautam Barman
First published: