অসম, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীত ১খনকৈ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ'ব আৰু তামিলনাডুত দুখন আসনৰ বাবে নিৰ্বাচন হ'ব।
অসম, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীত ১খনকৈ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ'ব আৰু তামিলনাডুত দুখন আসনৰ বাবে নিৰ্বাচন হ'ব।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) অচিৰেই সাংসদৰূপে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। আজি নিৰ্বাচন আয়োগে (Election Commission of India)ঘোষণা কৰিলে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন। আগন্তুক ৪ অক্টোবৰত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন (Rajya Sabha Election)। অসম, পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীৰ খালী থকা ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ'ব ৪ অক্টোবৰত।
উল্লেখ্যে যে অসমত খালী হৈ আছে ৰাজ্যসভাৰ এখন আসন। সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ পিছত খালী হৈছিল আসনখন। আনহাতে মাজুলীৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰিছিল সৰ্বানন্দ সোণোৱালে। সেয়ে এতিয়া সোণোৱালে পুনৰ সাংসদৰূপে নিৰ্বাচিত হৈ অহাটো হৈছে সাংবিধানিক প্ৰয়োজনীয়তা। অসমৰ পৰা সেয়ে খালী হৈ থকা আসনখনত সৰ্বানন্দ সোণোৱালকেই বিজেপিয়ে বিজয়ী কৰি অনাটো এক কথাত নিশ্চিত।
নিৰ্বাচনৰ বাবে ১৫ ছেপ্টেম্বৰত অধিসূচনা জাৰি কৰা হ'ব আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২২ ছেপ্টেম্বৰ।
উল্লেখ্য অসম, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু পুডুচেৰীত ১খনকৈ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন হ'ব আৰু তামিলনাডুত দুখন আসনৰ বাবে নিৰ্বাচন হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|