মাজত মাথোঁ এটা দিন, তুংগত ৰথী–মহাৰথীৰ নিৰ্বাচনী প্ৰচাৰ

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ এটা দিন। তুংগত উঠিছে প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে আকৰ্ষণীয় হৈ উঠিছে ৰাজনীতিকৰ আক্ৰমণ–প্ৰত্যাক্ৰমণ, ঠাট্টা–মস্কৰাৰ যুঁজখনো। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো সমষ্টিতে উৰিছে হাই প্ৰফাইল নেতাৰ হেলিকপ্টাৰ। প্ৰচাৰ অভিযানত নামিছে ৰথী–মহাৰথী।

news18assam
Updated:April 21, 2019, 8:25 AM IST

Updated: April 21, 2019, 8:25 AM IST
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ এটা দিন। তুংগত উঠিছে প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে আকৰ্ষণীয় হৈ উঠিছে ৰাজনীতিকৰ আক্ৰমণ–প্ৰত্যাক্ৰমণ, ঠাট্টা–মস্কৰাৰ যুঁজখনো। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো সমষ্টিতে উৰিছে হাই প্ৰফাইল নেতাৰ হেলিকপ্টাৰ। প্ৰচাৰ অভিযানত নামিছে ৰথী–মহাৰথী।

বৰক্ষেত্ৰীৰ ভংনামাৰী চৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ চলালে প্ৰচাৰ। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়েকয় – বিজেপি চৰকাৰ থকালৈকে চিন্তা নাই সংখ্যালঘু লোকসকলৰ। সকলো ইছলাম ধৰ্মৰ লোক সম্পূৰ্ণৰূপে সুৰক্ষিত।

সৰভোগতো মিত্ৰজোঁটৰ বৃহৎ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হাগ্ৰামা মহিলাৰী, অতুল বৰা, বিশ্বজিৎ দৈমাৰীৰ সৈতে প্ৰচাৰ চালালে কোকৰাঝাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণীৰ ব্ৰহ্মৰ হৈ।

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছেই বিজয়ী হ’ব বুলি নিৰ্বাচনী সভাত দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। তৰুণ গগৈয়ে কয় – আমাৰ ১৫ বছৰত বহু উন্নয়ন হ’ল কন্তু আজি সকলো উন্নয়ন বন্ধ হ’ল। একেটা দিনতে ধুবুৰী সমষ্টিৰ মানকাচৰতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে। ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ গগৈয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো শুকুৰবাৰে ভাগ ল'লে কোকৰাঝাৰ আৰু বৰপেটাৰ দুখনকৈ নিৰ্বাচনী সভাত।

ইফালে, কোকৰাঝাৰ সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই। বিটিচিৰ বাহিৰে ভিতৰে একেদিনাই আঠখন প্ৰচাৰ সভাত ভাগ লয় বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে।

প্ৰমীলাৰাণী ব্ৰহ্মৰ সমান্তৰালভাৱে কোকৰাঝাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত চলিছে নিৰ্দলীয় প্ৰাৰ্থী তথা সাংসদ নৱ শৰণীয়াৰ প্ৰচাৰ। ছাপাগুৰিত শুকুৰবাৰে দেখা গ'ল নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত এক বিশাল মটৰ চাইকেল সমদল। প্ৰায় ২০০০ যুৱকে অংশগ্ৰহণ কৰে মটৰ চাইকেল সমদলত।

কোকৰাঝাৰৰ কালিপুখুৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী, বিশ্বজিৎ দৈমাৰীৰ লগতে ভাগ লয় ৰাজ্যৰ চাৰি কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু চন্দন ব্ৰহ্মই। নিৰ্বাচনী ফলাফলৰ ভৱিষ্যদ্বাণী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় – ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টিৰ ভিতৰত গুৱাহাটী আৰু কোকৰাঝাৰত আমি বিজয়ী হোৱাটো নিশ্চিত। বৰপেটা আৰু ধুবুৰীতো এইবাৰ আচৰিত ফলাফল হ’ব। দুয়োটা সমষ্টিতে জয়লাভ কৰিব অগপ প্ৰাৰ্থীয়ে।

ইফালে, ধুবুৰীত দেখা গ'ল তৃণমূল কংগ্ৰেছৰ ৰোড শ্ব’। পশ্চিম বংগৰ অভিনেত্ৰী তথা তৃণমূল নেত্ৰী নুছৰৎ জাহান আৰু ৰাজ্যসভাৰ সাংসদ শান্তনু সেনে ধুবুৰীৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি