মুখ্যপৃষ্ঠা »খবৰ »অসম »‘ভাইটি তই এবাৰ ঘৰলৈ আহ, মা–দেউতাৰ অসুখ’ – ১৫ বছৰে মৰমৰ ভাতৃলৈ বাট চাইছে দ্ৰুপদীয়ে!

‘ভাইটি তই এবাৰ ঘৰলৈ আহ, মা–দেউতাৰ অসুখ’ – ১৫ বছৰে মৰমৰ ভাতৃলৈ বাট চাইছে দ্ৰুপদীয়ে!

ঘৰৰ সন্মুখৰ পথটোলৈ সদায় ওলাই চায় দ্ৰুপদীয়ে ৷ কিজানিবা একমাত্ৰ ভাতৃ দিবাকৰ উভতি আহে!

ঘৰৰ সন্মুখৰ পথটোলৈ সদায় ওলাই চায় দ্ৰুপদীয়ে ৷ কিজানিবা একমাত্ৰ ভাতৃ দিবাকৰ উভতি আহে!

ঘৰৰ সন্মুখৰ পথটোলৈ সদায় ওলাই চায় দ্ৰুপদীয়ে ৷ কিজানিবা একমাত্ৰ ভাতৃ দিবাকৰ উভতি আহে!

  • Share this:


এক কৰুণ কাহিনী৷ ঘটনাটো বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিঙিমাৰী গাঁৱৰ৷ ২০০৫ চনৰ ২০ জুলাই অৰ্থাৎ কেলেণ্ডাৰখনত চিন দিয়া তাৰিখটোতেই সন্ধানহীন হৈছিল মহিলাগৰাকীৰ একমাত্ৰ ভাতৃ দিবাকৰ ৰায়৷ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত উভতি নাহিল দিবাকৰ৷ আৰু বায়েক দ্ৰুপদী ৰায়ে কেলেণ্ডাৰখন এতিয়াও সযতনে ৰাখি মাজে মাজে কেলেণ্ডাৰখন চাই উচুপি উঠে৷

ঘৰৰ সন্মুখৰ পথটোলৈ সদায় ওলাই চায় দ্ৰুপদীয়ে ৷ কিজানিবা একমাত্ৰ ভাতৃ দিবাকৰ উভতি আহে! দিবাকৰক বহুলোকে গুৱাহাটীত দেখা বুলি জনাইছে পৰিয়ালক৷ কিন্তু ২০০৫ চনতেই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আজিলৈ নাহিল উভতি৷

দিবাকৰৰ বৃদ্ধা মাক-দেউতাক শয্যাশায়ী৷ আশা পুত্ৰ ঘৰলৈ উভতি আহিব৷ মাক-দেউতাক থাকে পাখিৰিগুৰি গাঁৱত৷ এতিয়া পৰিয়ালে দিবাকৰ ৰায়ৰ সন্ধান উলিওৱাৰ বাবে সহায় বিচাৰিছে ৰাইজৰ৷ দিবাকৰৰ জ্যেষ্ঠ ভগ্নী দ্ৰুপদীৰ অনুৰোধ – এবাৰলৈ ঘৰত আহক দিবাকৰ৷ ৰুগীয়া পিতৃ-মাতৃক এবাৰ দেখা কৰক৷

শেহতীয়া বাতৰি