গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ

News18 Assam | News18-Assam
Updated:October 22, 2020, 10:19 AM IST
গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ
আজি পুৱা বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ ধীৰেন ৰায়ৰ নিজ বাসগৃহত বিয়োগ ঘটে৷

আজি পুৱা বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ ধীৰেন ৰায়ৰ নিজ বাসগৃহত বিয়োগ ঘটে৷

  • Share this:
এইবাৰ সম্পূৰ্ণ অভিভাৱকহীন হ’ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ৷ কিছুদিন পূৰ্ৱে বিধায়ক অশ্বিনী ৰায় সৰকাৰে পিতৃ-মাতৃক হেৰুৱাই ঘাতমাউৰা হয় ৷ পিতৃ-মাতৃক হেৰুওৱাৰ পিছত একমাত্ৰ অভিভাৱক হৈ পৰিছিল জ্যেষ্ঠ ভাতৃ ধীৰেন ৰায়৷ কিন্তু আজি পুৱা বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ ধীৰেন ৰায়ৰ নিজ বাসগৃহত বিয়োগ ঘটে৷

দীৰ্ঘদিন ধৰি বিধায়কগৰাকীৰ ককায়েক বেমাৰত ভুগি আছিল৷ বিধায়কগৰাকীৰ ককায়েকে বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ লগতে চাৰি পুত্ৰ আৰু পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে৷ মৃত্যুৰ সময়ত বিধায়কগৰাকীৰ বয়স আছিল ৬০ বছৰ৷
Published by: Sanjay Kumar Das
First published: October 22, 2020, 10:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading