বৰপেটাত মাতৃৰ সন্মুখতে জ্যেষ্ঠ ভাতৃয়ে হানি–খুচি নৃশংসভাৱে হত্যা কৰিলে যুৱকক

News18 Assam | News18-Assam
Updated:September 9, 2020, 1:29 PM IST
বৰপেটাত মাতৃৰ সন্মুখতে জ্যেষ্ঠ ভাতৃয়ে হানি–খুচি নৃশংসভাৱে হত্যা কৰিলে যুৱকক
বৰপেটাৰোড আৰক্ষী  উপস্থিত হৈ অতি কৌশলেৰে মকবুলক আটক কৰিবলৈ সক্ষম হয়।

বৰপেটাৰোড আৰক্ষী  উপস্থিত হৈ অতি কৌশলেৰে মকবুলক আটক কৰিবলৈ সক্ষম হয়।

  • Share this:
বৰপেটাৰোড চহৰৰ মাজ মজিয়াত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নিশা প্ৰায় ১১ বজাত বৰপেটাৰোডৰ কলহভাঙ্গাৰ মানসপাৰত সংঘটিত হয় এই হত্যাকাণ্ড। জ্যেষ্ঠ ভাতৃয়ে নিজ ঘৰতে হানু–খুচি নৃশংসভাৱে হত্যা কৰে কনিষ্ঠ ভাতৃ মইনুল হুছেইনক।

মকবুল হুছেইন নামৰ যুৱকজনে হত্যা কৰে ভাতৃক। পাৰিবাৰিক কন্দলৰ ফলত মাতৃৰ সন্মুখতে মকবুলে এখন খুকুৰীৰে হানু–খুচি হত্যা কৰে মইনুলক।

হত্যাকাণ্ড সংঘটিত কৰি মকবুলে নিজ বাসভৱনৰে এটা কোঠালিত দৰ্জা বন্ধ কৰি সোমাই আছিল যদিও ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী  উপস্থিত হৈ অতি কৌশলেৰে মকবুলক আটক কৰিবলৈ সক্ষম হয়।
Published by: Sanjay Kumar Das
First published: September 9, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading