২৫ মে'ত পালন কৰা হ'ব ঈদ-উল-ফিটৰ, ঘোষণা কেন্দ্ৰীয় হিলাল কমিটী অসমৰ

News18 Assam | News18-Assam
Updated:May 23, 2020, 9:01 PM IST
২৫ মে'ত পালন কৰা হ'ব ঈদ-উল-ফিটৰ, ঘোষণা কেন্দ্ৰীয় হিলাল কমিটী অসমৰ
কেতিয়া পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ? ইয়াকে লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তিৰ

কেতিয়া পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ? ইয়াকে লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তিৰ

  • Share this:
২৫ মে'ত পালন কৰা হ'ব ঈদ-উল-ফিটৰ। শনিবাৰে চন্দ্ৰ দৃশ্যমান নহোৱাৰ পিছতে নিশ্চিত হ'ল ঈদৰ দিন। ২৪ মে'ত সম্পূৰ্ণ হ'ব ৩০ ৰোজা। ৩০ ৰোজা সম্পূৰ্ণৰ পিছদিনাখন পালন কৰা হয় ঈদ। ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটী অসমৰ।

উল্লেখযোগ্য যে, কেতিয়া পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ ? ইয়াকে লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷ একাংশই ঈদৰ দিন ২৪ মে' বুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে একাংশই প্ৰচাৰ চলাইছে ২৫ মে' বুলি ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয়, ‘ সম্পূৰ্ণ অপপ্ৰচাৰ চলিছে ছচিয়েল মিডিয়াত ৷ আকাশত জোন দৃশ্যমান হোৱাৰ পিছতহে ঈদ কেতিয়া পালন কৰা হ'ব সেয়া নিশ্চিতকৈ ক'ব পাৰি ৷’

ইফালে এইবাৰ ঈদ হ'ব ব্যতিক্ৰম ৷ কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নাথাকিব সমূহীয়া নামাজ ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয়, 'কোৰোণা মহামাৰীৰ বাবে এইবাৰ সমূহীয়া নামাজ নাথাকিব ৷ সকলোকে আহ্বান জনাইছো যাতে ঘৰৰ পৰাই সকলোৱে নামাজ পঢ়ে ৷ কোনো নামাজৰ বাবে বাহিৰলৈ আহিব নালাগে ৷'
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading