কোৰোণা মহামাৰীৰ মাজতেই আজি ৰাজ্যত মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ দৰে সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতেই ঈদৰ নামাজ পঢ়িছে সকলোৱে। এই পৱিত্ৰ ঈদৰ দিনটোতে সৰুপথাৰ বজালবাৰীৰ যুৱকসকলে প্ৰকৃতি সুৰক্ষাৰ নিদৰ্শন দাঙি ধৰিলে। গছপুলি ৰোপণ কৰি অঞ্চলটোৰ যুৱ সমাজে ঈদৰ দিনটোৰ মহত্ত্ৱ প্ৰকাশ কৰি দেখুৱাইছে সুন্দৰ নিদৰ্শন। সুৰক্ষিত পৃথিৱী আৰু ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি বজালবাৰী যুৱক সংঘ তথা সাংস্কৃতিক কেন্দ্ৰৰ যুৱকসকলৰ লগতে বজালবাৰী গাঁওৰক্ষী বাহিনীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰজাপুখুৰী তিনিআলিৰ পৰা বজালবাৰীলৈ অহা ৰাস্তাৰ দাঁতিত প্ৰায় ৫০টা গছপুলি ৰোপণ কৰে ।
অনাগত দিনতো এই কাৰ্যসূচী বৰ্তাই ৰখাৰ সিদ্ধান্ত লয় যুৱকসকলে। উল্লেখ্য, বৰ্তমান কোৰোণা মহামাৰীৰ সময়ত অক্সিজেনৰ প্ৰয়োজনীয়তা মানৱ সমাজত কিমান তাক উপলব্ধি কৰিছে বিশ্ববাসীয়ে। আনহাতে গছ–গছনি কটা আৰু প্ৰদূষণৰ ফলত প্ৰকৃতিৰ বিপৰ্যয় নামি অহাৰ সময়তে ঈদৰ দিনটোত এইদৰে গছপুলি ৰোপণ কৰা বিষয়টো প্ৰশংসনীয় বুলি বিবেচনা কৰিব পাৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|