কাইলৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ঈদ

মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই কাইলৈ পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিব সকলোৱে।

news18assam
Updated:June 4, 2019, 1:42 PM IST
কাইলৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ঈদ
মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই কাইলৈ পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিব সকলোৱে।
news18assam
Updated: June 4, 2019, 1:42 PM IST
কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ–উল–ফিতৰ। সমগ্ৰ দেশৰ লগতে অসমতো ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ। মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই কাইলৈ পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিব সকলোৱে। সমাজৰ পৰা অসূয়া–অশান্তি দূৰ কৰি শান্তি–সম্প্ৰীতিৰ কামনাৰে আল্লাহৰ ওচৰত দোৱা মাগিব ইছলাম ধৰ্মাৱলম্বী সমাজে।

ইফালে, ঈদ উপলক্ষে আটক–ধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে মছজিদ, ঈদগাহসমূহ। ঈদৰ বজাৰতো উভৈনদী হৈ পৰিছে বিভিন্ন সুস্বাদু খাদ্য–সম্ভাৰেৰে। চেৱৈ, কাজু, খেজুৰকে ধৰি বিভিন্ন সামগ্ৰীৰে ভৰিছে বজাৰ। মহানগৰীৰ বজাৰতো ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। অসমৰ লগতে দেশৰ আন আন প্ৰান্ততো ঈদক লৈ দেখা গৈছে উছৱমুখৰ পৰিৱেশ।
আৰু চাওক পৰৱৰ্তী বাতৰি