EID MUBARAK : আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ

মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ মছজিদ, ঈদগাহসমূহত গোট খাইছে সকলো।

news18assam
Updated:June 5, 2019, 6:49 AM IST
EID MUBARAK : আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ
মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ মছজিদ, ঈদগাহসমূহত গোট খাইছে সকলো।
news18assam
Updated: June 5, 2019, 6:49 AM IST
আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ–উল–ফিটৰ। সমগ্ৰ দেশৰ লগতে অসমতো ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ। মাহজোৰা ৰোজাৰ অন্তত প্ৰেম–ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই পুৱাই সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ মছজিদ, ঈদগাহসমূহত গোট খাইছে সকলো। সমাজৰ পৰা অসূয়া–অশান্তি দূৰ কৰি শান্তি–সম্প্ৰীতিৰ কামনাৰে আল্লাহৰ ওচৰত দোৱা মাগিব ইছলাম ধৰ্মাৱলম্বী সমাজে। এজনে আনজনক জনাব ঈদৰ শুভকামনা। ঈদ উপলক্ষে আটক–ধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে মছজিদ, ঈদগাহসমূহ।  অসমৰ লগতে দেশৰ আন আন প্ৰান্ততো ঈদ উপলক্ষে দেখা গৈছে উছৱমুখৰ পৰিৱেশ। বুধবাৰে ঈদৰ জোন দেখাৰ পিছতে কেন্দ্ৰীয় হিলাল কমিটীয়ে ঘোষণা কৰিছিল ঈদ–উল–ফিতৰৰ দিন।
আৰু চাওক পৰৱৰ্তী বাতৰি