আজি ঈদ–উজ–জোহা, পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে

ঈদ–উজ–জোহা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।

News18-Assam
Updated:August 12, 2019, 7:39 AM IST
আজি ঈদ–উজ–জোহা, পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে
FILE PHOTO
News18-Assam
Updated: August 12, 2019, 7:39 AM IST
আজি ঈদ–উজ–জোহা। সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উজ–জোহা। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে।

ঈদ–উজ–জোহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা। ঈদ–উজ–জোহা উৎসৱ উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে। নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোহত কৰিয়েই বিশ্বজুৰি ইছলামধৰ্মী জনগণে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ–উজ–জোহা। চলি আহিছে প্ৰতীকী কুৰবানীৰ পৰম্পৰা। ঈদ উপলক্ষে এক জাক–জমকতাপূৰ্ণ তথা আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।
আৰু চাওক পৰৱৰ্তী বাতৰি