মুখ্যপৃষ্ঠা » খবৰ

» অসম

»২১ জুলাই তাৰিখ বুধবাৰে উদযাপন হ'ব পবিত্ৰ ঈদ... সংবাদ মাধ্যমক এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি অসমে...

২১ জুলাই তাৰিখ বুধবাৰে উদযাপন হ'ব পবিত্ৰ ঈদ... সংবাদ মাধ্যমক এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি অসমে...

News18 Assam | News18-Assam
Updated:July 13, 2021, 12:01 AM IST
২১ জুলাই তাৰিখ বুধবাৰে উদযাপন হ'ব পবিত্ৰ ঈদ... সংবাদ মাধ্যমক এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি অসমে...
অহা ২১ জুলাই তাৰিখ বুধবাৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি, অসমে।

অহা ২১ জুলাই তাৰিখ বুধবাৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি, অসমে।

  • Share this:
ৰাজ্যৰ সকলো ইছলাম ধৰ্মালম্বী লোকসকলৰ বাবে এক বিশেষ খবৰ। অহা ২১ জুলাই তাৰিখ বুধবাৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংবাদ মাধ্যমক এই কথা জনালে কেন্দ্ৰীয় হিলাল কমিটি, অসমে।

কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইন স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিটোত ভাৰতবৰ্ষৰ আন আন ঠাইৰ লগতে অসমতো ২১ জুলাইত পবিত্ৰ ঈদ-উল-আজহা উদযাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

উক্ত প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ ঈদ-উল-আজহাৰ আগতীয়াকৈ শুভেচ্ছাও জ্ঞাপন কৰা হৈছে।

উল্লেখ্য যে, সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যজুৰি অব্যাহত আছে ক'ভিড সংক্ৰান্তীয় SOP। এই  SOP অনুসৰি ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠানতে বন্ধ আছে ভক্তৰ সমাগম।

মন কৰিবলগীয়া কথা যে, ক'ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষতো অনুষ্ঠিত হোৱা নাছিল ঈদৰ সমূহীয়া নামাজ। ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বাবেও এইবাৰো ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।
Published by: Kokil Sarma
First published: July 12, 2021, 11:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি