• Home
  • »
  • News
  • »
  • assam
  • »
  • টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ড! কোৰোণা বিয়পোৱাৰ আশংকাত কাটি পেলালে বগলীৰ বাহ থকা বহু বাঁহ গছ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে

টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ড! কোৰোণা বিয়পোৱাৰ আশংকাত কাটি পেলালে বগলীৰ বাহ থকা বহু বাঁহ গছ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে

আগ পিছ চিন্তা নকৰাকৈয়ে ভাঙি পেলালে বহুকেইজোপা গছত থকা বগলীৰ বাহ।

আগ পিছ চিন্তা নকৰাকৈয়ে ভাঙি পেলালে বহুকেইজোপা গছত থকা বগলীৰ বাহ।

আগ পিছ চিন্তা নকৰাকৈয়ে ভাঙি পেলালে বহুকেইজোপা গছত থকা বগলীৰ বাহ।

  • Share this:
টংলা পৌৰসভাৰ বিবেচনাহীন কাণ্ড। কোৰোণা বিয়পোৱাৰ আশংকাত পক্ষী নিধন যজ্ঞত নামিত টংলা পৌৰসভা।  আগ পিছ চিন্তা নকৰাকৈয়ে ভাঙি পেলালে বহুকেইজোপা গছত থকা বগলীৰ বাহ।





বছৰ বছৰ ধৰি বাঁহৰ ওপৰত বাহ সাজি আছিল বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই। বৃহস্পতিবাৰে পৌৰসভাই অবাধে এই বাঁহবোৰ ভাঙি দিয়াৰ ফলত মুত্যু মুখত পৰে অসংখ্য বগলীৰ পোৱালিৰ উপৰিও বিভিন্ন চৰাইৰ পোৱালি।  পোৱালিবোৰ মাটিত পৰি চিঞৰি থকা ভিডিও এতিয়া টুইটাৰত ভাইৰেল হৈছে।



টংলা পৌৰসভাৰ এনে কাণ্ডক একে মুখে গৰিহণা দিলে বিভিন্ন দল সংগঠনে । ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে জিলা উপায়ুক্ত । ইফালে ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বনমন্ত্ৰী পৰিমল শুক্লবৈদেযক বিষয়টো অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
Published by:Himangshu Bhuyan
First published: