আলু–পিঁয়াজৰ পিছত এইবাৰ হোৰাহোৰে বাঢ়িছে কণীৰ দাম

আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈ প্ৰতিকাৰ্টন কণীৰ মূল্য বৃদ্ধি হৈছে ৩০০ টকালৈ।
আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈ প্ৰতিকাৰ্টন কণীৰ মূল্য বৃদ্ধি হৈছে ৩০০ টকালৈ।
- News18 Assam
- Last Updated: October 1, 2020, 3:40 PM IST
আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈ প্ৰতিকাৰ্টন কণীৰ মূল্য বৃদ্ধি হৈছে ৩০০ টকালৈ।আগষ্ট মাহত প্ৰতি কাৰ্টন কণীৰ মূল্য আছিল ১০০০ টকা। অন্ধ্ৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা ৰপ্তানি হোৱা কণীৰ মূল্য দৈনিক বৃদ্ধি হোৱাৰ ফলত এতিয়া কণী ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ।
ইফালে, ৰাজ্যত অস্বাভাৱিক হাৰত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যই ৰাইজক জুৰুলা কৰাৰ বাবে বিভিন্ন সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। কণীৰ লগতে আন আন সামগ্ৰীৰ দৈনিক মূল্যবৃদ্ধি হোৱাৰ পিছতো এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত যোগান বিভাগ।