গোবৰৰ পৰা প্ৰতিদিনে ৫০০ লিটাৰ ৰং প্ৰস্তুতৰ লক্ষ্য
গোবৰৰ পৰা প্ৰতিদিনে ৫০০ লিটাৰ ৰং প্ৰস্তুতৰ লক্ষ্য
প্ৰাকৃতিক ৰং প্ৰস্তুত কৰাৰ প্ৰয়াস খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ। গোবৰৰ পৰা ৰং প্ৰস্তুত কৰা প্ৰকল্পৰ উদ্বোধন কৰে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ বিনয় কুমাৰ চাক্সেনাই (Colours from Cow Dung)।
হাৰিয়ানা আৰু ছত্তিশগড় চৰকাৰে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ লগত চুক্তি কৰি আজি ৰূপনগৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কাৰ্যালয়ত এই নতুন প্ৰকল্প উদ্বোধন কৰে। উত্তৰ-পূবৰ যুৱক-যুৱতীক এই প্ৰকল্পত আগবাঢ়িবলৈ কম্পিউটাৰৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ।
প্ৰতিদিনে ৫০০ লিটাৰ ৰং প্ৰস্তুতৰ লক্ষ্য লৈ কৰা প্ৰাকৃতিক প্লেন তিনি মাহৰ ভিতৰত বনোৱা সম্পন্ন হ'ব। খাদী আৰু গ্ৰামোন্নয়ন ব'ৰ্ডৰ পিছফালে এই প্লেন বনোৱা হ'ব। যোৱা বছৰৰ পৰা সমগ্ৰ ভাৰতত এই প্লেন বনোৱা হৈছে। এই প্লেনৰ মূলতঃ আঠটা গুণ আছে।
দেশৰ print and manufacturing company তকৈ কম দাম আৰু গুণতো যথেষ্ট ভাল।
কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্য এই প্লেন বনোৱা হৈছে। ৩৯টা প্লেনৰ কাম ভাৰতত চলি আছিল, ইয়াৰে ২৫ টা চণ্ডীগড়ত আৰু ১৪ টা প্লেন হাৰিয়ানাত বনোৱা হৈছে।
উল্লেখ্য, গোবৰ প্ৰতি কেজিত ৫ টকাকৈ কৃষকৰ পৰা লোৱা হয়। সেই হিচাপত এটা গৰুৱে এদিনত ২০ কেজি গোবৰ দিয়ে, সেই হিচাপে এজন কৃষকৰ অতিৰিক্ত ৰূপে প্ৰতিদিনে ১০০ টকাকৈ উপাৰ্জন হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|