কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯১সংখ্যক জন্মদিন উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
কাইলৈ ৭ ডিচেম্বৰত কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ২৩গৰাকী নিৰ্বাচিত সাহিত্যিকক সাহিত্যিক পেন্সন প্ৰদান কৰিব। চৰকাৰে ইতিমধ্যে পেন্সনৰ বাবে বাছনি কৰা সাহিত্যিকসকলৰ নাম ঘোষণা কৰিছে।
২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনপ্রাপক
• সৰ্বশ্ৰী তৰুণ বৰ্মন (কামৰূপ মহানগৰ)
• আনন্দ ৰাম উৱাৰী (বাক্সা)
• অশোক কুমাৰ বাৰ্মা (কাছাৰ)
• ৰতিশ দাস (হোজাই)
• শৈলেন্দ্ৰ কুমাৰ ভট্টাচার্য (কামৰূপ মহানগৰ
• ৰত্নেশ্বৰ নাৰ্জাৰী (কাৰ্বি আংলং)
• মনোমতী কুৰ্মী (শোণিতপুৰ)
• পৰাণ কুমাৰ বৰুৱা (নগাঁও)
• শ্ৰুতি কুমাৰ সিংহ (হোজাই)
• ড০ বসন্ত কুমাৰ শৰ্মা (বজালী)
• ডাঃ বিদ্যেশ্বৰ দলে (ধেমাজি )
• ড° ভাৰতী দত্ত (ডিব্ৰুগড়)
• প্রকাশ চন্দ্ৰ ৰাভা (গোৱালপাৰা)
• নিজৰা বৰঠাকুৰ (গোলাঘাট)
• দেৱপ্রসাদ তালুকদাৰ (কামৰূপ মহানগৰ)
• ডাঃ জয়ন্ত কুমাৰ গোস্বামী (কামৰূপ
মহানগৰ)
• ড° মলয়া খাউন্দ (কামৰূপ মহানগৰ)
• ধীৰেন্দ্ৰ তালুকদাৰ (বজালী)
• বিপুল চন্দ্ৰ ভট্টাচার্য (নগাঁও)
• শিশিৰ সেনগুপ্ত (কামৰূপ মহানগৰ)
• পাৰী ৰংপি (কাৰ্বি আংলং)
• ৰফিকুল হুছেইন (গোলাঘাট)
• অচ্যুতানন্দ দেৱ গোস্বামী (বিশ্বনাথ)
অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত আৰু সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|