মুখ্যপৃষ্ঠা »খবৰ »অসম »পৰম্পৰাগত কৃষি পৰিৱেশক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কৰাৰ অভিলাষী পৰিকল্পনা, অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে?

পৰম্পৰাগত কৃষি পৰিৱেশক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কৰাৰ অভিলাষী পৰিকল্পনা, অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে?

মন্ত্ৰীগৰাকীয়ে শনিবাৰে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক পৰ্যালোচনাত মিলিত হয়।

মন্ত্ৰীগৰাকীয়ে শনিবাৰে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক পৰ্যালোচনাত মিলিত হয়।

  • Share this:
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে ৰজিতা খুৱাই অসমৰ কৃষি শিক্ষানীতি  আগুৱাই নি সামগ্ৰিকভাৱে অসমৰ কৃষিখণ্ডৰ উত্তৰণৰ দিশত পদক্ষেপ লোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে শনিবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কালত উপাচাৰ্যৰ সৈতে অনানুষ্ঠানিকভাৱে মত বিনিময় কৰোতে মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কৃষিখণ্ডৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু এই দিশত গৱেষণালব্ধ আঁচনি গ্ৰহণৰ জৰিয়তে সামগ্ৰিকভাবে আগবাঢ়ি যাব লাগিব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বৰ্তমানৰ শিক্ষা পদ্ধতিৰ সৈতে কৃষি শিক্ষাৰ্থীসকলক সময়ৰ সৈতে আগুৱাই যোৱাৰ বাবে প্ৰস্তুত কৰিব লাগিব বুলি মত ব্যক্ত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

পৰম্পৰাগত কৃষি  পৰিৱেশক পৰ্যটনৰ সৈতে সংপৃক্ত কৰি এই  দিশত এক বিশেষ গৱেষণালব্ধ অভিলাষী পৰিকল্পনা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা সদৰি কৰি বিশ্ববিদ্যালখনে গ্ৰহণ কৰা পৰম্পৰাগত কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে  মন্ত্ৰীগৰাকীয়ে। এনে প্ৰকল্প ৰূপায়ণ হ’বলগীয়া স্থানসমূহৰ চৰজমিন পৰ্যবেক্ষণ কৰে মন্ত্ৰী পেগুৱে। এনে প্ৰকল্পৰ জৰিয়তে এই দিশত আগুৱাই যোৱাৰ বাবে নিত্যনতুন আঁচনি প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে। পৰ্যটন ক্ষেত্ৰৰ নতুন নতুন সম্ভাৱনীয়তাৰ সৈতে সংযুক্ত কৰি অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই মন্ত্ৰীগৰাকীক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত দিহা–পৰামৰ্শ আগবঢ়াই  চৰকাৰীভাৱে সম্ভৱপৰ সহায়–সহযোগিতা প্ৰদান কৰাৰ আশ্বাস দিয়ে। তদুপৰি এই দিশত বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি পুনৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে আলোচনা কৰিব বুলি প্ৰকাশ কৰে ৰণোজ পেগুৱে।

মন্ত্ৰীগৰাকীয়ে শনিবাৰে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক পৰ্যালোচনাত মিলিত হয়। এই পৰ্যালোচনাত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বাগিচা তথা অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ণ কৰিব খোজা  প্ৰস্তাৱিত পৰম্পৰাগত  কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীক বিভাগীয় মূৰব্বী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞাই আদৰণি জনায়। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ প্ৰমুখ্যে কেবাজনো অধ্যাপক আৰু বিষয়াই সহযোগিতা আগবঢ়ায়।

শেহতীয়া বাতৰি